ডিফু, ১৬ অক্টোবৰ: অসম সাহিত্য সভাৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ (Assam Sahitya Sabhas Tribal Research Institute) উদ্যোগত ডিফুৰ লৰুলাংছস্থিত ৰাংছিনা ভৱনত (Rangsina Bhavan at Diphu) দেওবাৰে উন্মোচন কৰা হয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ মাহেকীয়া পত্ৰিকা 'জনজাতীয় চৰ্চা '(Journal of Tribal Research Institute)। ৰাংছিনা ভৱনৰ সভা কক্ষত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে (Eminent litterateur Rong bong Terang) ড৹মনালিছা ৰংপিপী সম্পাদিত 'জনজাতীয় চৰ্চা '(Janajatiya Charcha) মাহেকীয়া পত্ৰিকাখনৰ উন্মোচন কৰে ।
উক্ত উন্মোচনী সভাখন পৌৰোহিত্য কৰে তেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই (Book released at Diphu)। এই সভাখনত উপস্থিত থাকে ক্ৰমে পদ্মশ্ৰী ধনেশ্বৰ ইংতি(Padma Shri Dhaneshwar Ingti), কাৰ্বি লাম্মেট এনেই আৰু অসম সাহিত্য সভাৰ ডিফু আঞ্চলিকৰ ৰাংছিনা ভৱনৰ (Rangsina Bhavan of Diphu Regional of Sahitya Sabha) সম্পাদক জয়ছিং টকবী, বিশিষ্ট সাহিত্যিক লুণছে তিনিভাগ, অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা আৰু কেইবাগৰাকী বিশিষ্ট সাহিত্যিক ।
পত্ৰিকাখন উন্মোচন কৰি ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা তথা পদ্মশ্ৰী ৰংবং তেৰাঙে কয়,'জনজাতীয় চৰ্চা 'শীৰ্ষক পত্ৰিকাখনৰ কাম অতি নীৰৱে কৰা হৈছে । কাৰণ গৱেষণাবোৰ নীৰৱেই সাধন হয় । এই কাৰ্য প্ৰশংসাৰ যোগ্য । পত্ৰিকাখনত ১১ টাকৈ জনগোষ্ঠীৰ চৰ্চা কৰা হৈছে । এই পত্ৰিকাখন ভৱিষ্যত প্ৰজন্মৰ গৱেষকসকলৰ বাবে এক সম্পদ হৈ থাকিব বুলি তেওঁ মন্তব্য় কৰে । ইয়াত গৱেষণাৰ থল বিচাৰি পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।
আনহাতে,পত্ৰিকাখনৰ সম্পাদক ড৹মনালিছা ৰংপিপীয়ে কয় যে দুবছৰীয়া প্ৰচেষ্টাৰ অন্তত অসম সাহিত্য সভাৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠান দিয়া দায়িত্ব পালন কৰি বাৰ্ষিক গৱেষণা পত্ৰৰ দ্বিতীয়খন মাহেকীয়া পত্ৰিকা 'জনজাতীয় চৰ্চা ' প্ৰকাশ কৰি উলিওৱা হৈছে । তাৰ বাবে সকলো পক্ষকে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ।