ETV Bharat / state

Assam Book Fair in Diphu: লেখক সাহিত্যিকৰ মিলনথলীত পৰিণত অসম গ্ৰন্থমেলা

author img

By

Published : Feb 12, 2023, 8:03 AM IST

ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত 'ভিন্ন দৃষ্টি ভিন্ন চিন্তা' উন্মোচন । ইপিনে, গ্ৰন্থমেলাত আয়োজিত শিশুৰ দিন উদ্বোধন কৰি কণ্ঠশিল্পী শশীকলা হাঞ্চেপীয়ে কয় যে এনে কাৰ্যসূচীয়ে তেওঁলোকৰ বিকাশত নিশ্চয় সহায় কৰিব (Assam Book Fair)।

Assam Book Fair at Diphu
ডিফুত অসম গ্ৰন্থমেলা
ডিফুত অসম গ্ৰন্থমেলা

ডিফু, ১২ ফেব্ৰুৱাৰী: লেখক-সাহিত্যিক আৰু গ্ৰন্থপ্ৰেমীৰ মিলনথলীত পৰিণত হৈছে অসম গ্ৰন্থমেলা (Assam Book Fair at Diphu) ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত শনিবাৰৰ দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয় (All Assam Book Publishers and Sellers Association)৷ শিশুৰ দিন উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী শশীকলা হাঞ্চেপীয়ে ৷

কণ্ঠশিল্পী শশীকলা হাঞ্চেপীয়ে উদ্বোধনী ভাষণত কয় যে শিশুসকলৰ প্ৰতিভাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ প্ৰাংগণত আয়োজিত কৰা শিশুৰ দিন এক মহত্বপূৰ্ণ অনুষ্ঠান ৷ শিশুসকল ভিন্ন প্ৰতিভাৰ আকৰ ৷ এনে কাৰ্যসূচীয়ে তেওঁলোকৰ বিকাশত বিশেষভাৱে সহায় কৰে ৷ আজিৰ শিশুসকলেই ভৱিষ্যতে শিল্প-সাহিত্য-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত কাম কৰিব ৷ এনে অনুষ্ঠানে শিশুসকলক সাহসী কৰি তোলে আৰু উদ্বুদ্ধ কৰে ৷

উল্লেখ্য যে শিশুৰ দিন উপলক্ষে কালি চিত্ৰাংকণ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় (Drawing Competition in Diphu Book Fair) ৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ 'ক' শাখাত উমালজিৎ দেৱে প্ৰথম ,পূৰৱী জিংদঙে দ্বিতীয়, ৰশ্মি গুপ্তাই তৃতীয় স্থান লাভ কৰিছে ৷ সুপ্ৰীতম নন্দন বৰা, লোপামুদ্ৰা বৰা, একাংশ আগৰৱালাই উদগনি বঁটা লাভ কৰে ৷ 'খ' শাখাত ৰিণিকি পলে প্ৰথম, চয়নিকা ফাংল'ছাই দ্বিতীয়, প্ৰিয়াংশী শৰ্মাই তৃতীয় স্থান আৰু খংবামন ডেৰা, জুনেইদ আহমেদ, এঞ্জেলে উদগনি বঁটা লাভ কৰে ৷ আনহাতে,'গ' শাখাত অমৃত মেচে প্ৰথম, ডেহিংছন কিলিঙে দ্বিতীয়, ভাগ্যস্মিতা দাসে তৃতীয় স্থান লাভ কৰে ৷ উদগনি বঁটা লাভ কৰিছে নৃত্যাংগণা বৰা আৰু বিশ্বজিৎ দাস, কৃতিষা কেম্প্ৰাইয়ে ৷

আনহাতে, বিয়লিৰ ভাগত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাৰ সঞ্চালনাত ডিফুৰ বিশিষ্ট লেখক সাহিত্যিক ভৱ প্ৰসাদ দেউৰী ৰচিত 'ভিন্ন দৃষ্টি ভিন্ন চিন্তা' নামক গ্ৰন্থখনি উন্মোচন কৰে অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনীন্দ্ৰ শৰ্মাই (Book released in Diphu Book Fair) ৷ এই অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট লেখক, সাহিত্যিক আৰু সাহিত্য প্ৰেমী উপস্থিত থাকে ৷

লগতে পঢ়ক:Youth jumps from Kaliabhomora bridge : কলিয়াভোমোৰাৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.