বকলীয়াঘাট, 14 নৱেম্বৰ : ডিফুৰ বকলীয়াঘাটৰ উদীয়মান কবি প্ৰভাত দাৰফাঙৰ প্ৰথমখন কবিতা পুথি ‘পুৱাতে প্ৰভাতে কবিতাৰ সতে’ পুথিখন শনিবাৰে উন্মোচন কৰা হয় । বকলীয়াঘাট আঞ্চলিক যুৱ সংঘত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই উন্মোচন কৰে কবিতা পুথিখন ।
কবিতা পুথিখন উন্মোচন কৰি প্ৰধান সম্পাদক গৰাকীয়ে ক’ৰণা মহামাৰীৰ সংকটৰ মাজতো একাংশ লোকে সাহিত্য সৃষ্টিৰ ধাৰা অব্যাহত ৰখাটো আজিৰ সময়ৰ এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে । অসম সাহিত্য সভাৰ কৰ্মসূচী তথা পৰিকল্পনা সম্পৰ্কে চমু ব্যাখ্যা আগবঢ়াই সম্পাদকগৰাকীয়ে এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে । সভাখনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙকে ধৰি সাহিত্য সভাৰ ভালেসংখ্যক বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: ৰাজস্থানত অত্যধিক সুৰা সেৱনৰ ফলত মৃত্যু পাঁচগৰাকীৰ