ডিফু,৩ জানুৱাৰীঃ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়া, গাড়ী চোৰ, চোৰ-ডকাইতৰ নিদ্ৰাহৰণ কৰা বোকাজানৰ দক্ষ আৰক্ষী বিষয়া জন দাসে বিগত মাহ কেইটাত অভিযান চলাই বহু সফলতা লাভ কৰিছে ৷ নিতৌ ড্ৰাগছ, হেৰ'ইন, চুৰি গাড়ী, ডকাইতক জালত পেলোৱাৰ লগতে কেইবা কোটি টকাৰ ড্ৰাগছ আৰু চুৰি গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বোকাজান এলেকাত ৷ বিগত 7-8 মাহত বৃহত্তৰ বোকাজান এলেকাত ড্ৰাগছৰ দৰে বৰবিহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত জড়িত বহুলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰি স্বাভাৱিকতে ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈছে বোকাজান মহকুমা আৰক্ষী ।
উল্লেখযোগ্য যে, বিগত সময়ছোৱাত বোকাজান মহকুমা আৰক্ষী বিষয়া হিচাপে এলেকাটোত প্ৰদৰ্শন কৰা কৰ্তব্যনিষ্ঠা আৰু দক্ষতাৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসক দেওবাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । বোকাজান নগৰস্থিত ছেমচন ছিং ইংতিৰ আবক্ষ মূৰ্তিস্থলীত দেওবাৰে সমাজকৰ্মী বাৰিম ইংতিৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আৰক্ষী বিষয়াগৰাকীক ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা চেলেং, গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত আৰক্ষী বিষয়াগৰাকীয়ে আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ড্ৰাগছৰ দৰে বৰবিহৰ বিৰুদ্ধে সকলোকে সজাগ হোৱাৰ আহ্বান জনায়।
লগতে পঢ়কঃ 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ