ETV Bharat / state

বোকাজানত ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ - bokajan police arrest one drug smagler

সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ দেওবাৰে বিয়লি বোকাজান থানাৰ আৰক্ষীয়ে নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেলত অহা এজন যুৱকক তালাচী চলোৱাত উদ্ধাৰ হয় ড্ৰাগছ আৰু নগদ টকা ৷

bokajan police seized drug from a byker
বোকাজানত ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ
author img

By

Published : Jun 13, 2021, 9:03 PM IST

ডিফু, ১৩ জুন : ৰাজ্যত আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ বিশেষকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰাৰ পাছতেই ড্ৰাগছ, চিণ্ডিকেটৰ বিৰুদ্ধে সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষীক ৷

দেওবাৰে বিয়লি বোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে বিয়লি বোকাজান থানাৰ আৰক্ষীয়ে নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেলত অহা এজন যুৱকে মাস্ক তথা হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলাই অহা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে ৰখাই সোধা পোছা কৰে ৷

উদ্ধাৰ কৰা ড্ৰাগছ
উদ্ধাৰ কৰা ড্ৰাগছ

আৰক্ষীয়ে সন্দেহ কৰি বাহনখনত তালাচী চলাই যুৱকজনে চলাই অহা মটৰ চাইকেলখনৰ পিছফালে আসনৰ তলত লুকুৱাই অনা অৱস্থাত এটা চাবোনৰ বাকচৰ পৰা ১২ গ্ৰাম হেৰ’ইন আৰু ১৫,০২০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

নম্বৰপ্লেট বিহীন বাইক
নম্বৰপ্লেট বিহীন বাইক

ধৃত যুৱকজনে প্ৰথমতে নিজকে ৰৌহন গৌড় বুলি চিনাকি দিয়ে যদিও আৰক্ষীয়ে অনুসন্ধান চলাই যুৱকজনৰ প্ৰকৃত পৰিচয় মুক্তাৰ শ্বেখ (২৩) বুলি নিশ্চিত কৰে ৷ ধৃত সৰবৰাহকাৰীটোৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ৷ পূৰ্বে ডিমাপুৰত ব্যৱসায় কৰি থকা যুৱকজনে শেহতীয়াকৈ বোকাজানত এটা ঘৰ ভাড়া কৰি ড্ৰাগছৰ বেহা চলাইছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : সাপেখাতীত বিত্তীয় আয়োগৰ অধীনৰ ধন আত্মসাতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.