ETV Bharat / state

বোকাজানত দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীৰ বাহন

author img

By

Published : Apr 19, 2019, 3:04 AM IST

ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ইভিএম সমূহ ষ্ট্ৰং ৰুমলৈ আনি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত চালকসহ আন চাৰিগৰাকী আৰক্ষী বিষয়া ৷ আহতসকলক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ ৷

etv bharat

বোকাজান, 19 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাচতেই বোকাজানত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ বোকাজানৰ কয়লামাটিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ ইভিএম সমূহ আনি থকা অৱস্থাতে বোকাজানত দুৰ্ঘটনাগ্ৰস্ত হয় এখন আৰক্ষীৰ বাহন ৷ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ১৫নং আৰক্ষী খণ্ড বিষয়াসহ কেইবাজনো লোক ৷

বোকাজানত দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীৰ বাহন

আৰক্ষীৰ দলটোৱে ইভিএম সমূহলৈ ষ্ট্ৰং ৰুমলৈ আহি থকাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বাহনখন ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চালক সূৰ্য্য হাজৰিকা, সহ আৰক্ষী বিষয়া হীৰেন শইকীয়া, আৰক্ষীৰ কনিষ্টবল সুৰেশ ৰাভা, APTFৰ জোৱান বিশ্বজিত দৈমাৰী আৰু বাণীকান্ত মেধি । আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে বোকাজান সমূহীয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় লোককেইজনক।

Intro:Body:

Breaking, Bokajan

বোকাজানত পথ দুৰ্ঘটনা।

ভোটদান কেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুম স্থাপন কৰা কেন্দ্ৰলৈ EVM আনি থকা অৱস্থাত এই দুৰ্ঘটনা।দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন।

দ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আৰক্ষীৰ বাহনখন।

১৫ নং আৰক্ষী খণ্ড বিষয়া সহ কেইবাজনো দেহৰক্ষী আহত।

বোকাজানৰ কয়লামাটিৰ পৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি আছিল আৰক্ষীৰ দলটো। আৰু আহি থকা অৱস্থাতে দুর্ঘইটিনাত পতিত হয় বাহন খন । তাৰে ৫ জন লোক যথেষ্ট গুৰুতৰ ভাবে আহত হয় । যথেষ্ট গুৰুতৰ ভাবে আহত হৈছে গাড়ীচালক সূৰ্য্য হাজৰিকা , আৰক্ষী বিষয়া হীৰেন শইকীয়া , আৰক্ষীৰ কনিষ্টবল সুৰেশ ৰাভা , APTF ৰ জোৱান বিশ্বজিত দৈমাৰী আৰু বাণীকান্ত মেধি । তেওঁলোক আটাইকে প্ৰাৰ্থমিক চিকিৎসাৰ বাবে বোকাজান সমূহীয়া চিকিৎসালয়লৈ অনা হয় কিন্তু উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় ।

Suraj Gogoi. BOKAKHAT

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.