ETV Bharat / state

ডিফু দলদলী ৰে’লপথত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ - Diphu Daldali railway line

ক্ষত-বিক্ষত অৱস্থাত ডিফু-দলদলীত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ (Body recovered in Diphu Daldali railway line) ৷ ৰে’লে মহতিয়াই নিয়াৰ ফলত ক্ষত-বিক্ষত হৈ পৰে ৬০ উৰ্ধৰ ব্যক্তিজনৰ মৃতদেহটো ৷

Body recovered in Diphu Daldali railway line
ডিফু দলদলী ৰে’লপথত উদ্ধাৰ ক্ষত বিক্ষত মৃতদেহ
author img

By

Published : Oct 6, 2022, 6:41 PM IST

ডিফু, ৬ অক্টোবৰ: ডিফু-দলদলী ৰে’লপথত বুধবাৰে নিশা উদ্ধাৰ হৈছে এটা ক্ষত-বিক্ষত মৃতদেহ (Body recovered in Diphu Daldali railway line) ৷ ডিফু ৰে’ল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি মেছে জনোৱা মতে, বুধবাৰে নিশা ডিফু-দলদলী ৰে’লপথৰ দলদলীৰ সমীপত এটি অচিনাক্ত লোকৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত ৰে’লপথত পৰি থকাৰ খবৰ লাভ কৰিছিল ৷

ৰে’লে মহতিয়াই নিয়াৰ ফলত ক্ষত-বিক্ষত অৱস্থাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ডিফুলৈ লৈ আনে ৷ পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত এই অচিনাক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা হয় ৷

ডিফু দলদলী ৰে’লপথত উদ্ধাৰ ক্ষত বিক্ষত মৃতদেহ

আনহাতে, আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ মৰ্গত ৰখা হ’ব ৷ অৱশ্যে কোনখনত ৰে’লত লোকজনৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত ডিফু ৰে’ল আৰক্ষী পহৰা চকীত ৫/২২ ধাৰা ৬৮ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷ উল্লেখ্য যে, আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে ৬০ উৰ্ধৰ হ’ব উদ্ধাৰ হোৱা ব্যক্তিজনৰ বয়স ৷

লগতে পঢ়ক: ক্ষত-বিক্ষত অৱস্থাত নিজ গৃহতে উদ্ধাৰ এগৰাকী বৃদ্ধৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.