ডিফু,14 জুন : ডিফুত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী ৷ কার্যসূচীত অংশগ্ৰহণ বিধায়ক ডাঃ নোমল মমিন-পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু পৰিষদৰ সদস্য পবিত্ৰ ৰংপিৰ।
বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি ডিফুত শুকুৰবাৰে আয়োজন কৰা হয় ৰক্তদান কাৰ্যসূচীৰ ৷ জিলাখনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিজেপিৰ যুৱ মৰ্চাৰ সদস্য সকলে ডিফু অসামৰিক চিকিৎসালয়ত আয়োজন কৰা ৰক্তদান কাৰ্যসূচীত স্বেচ্ছাই অংশ গ্ৰহণ কৰি ৰক্তদান কৰে ৷ হাওৰাঘাট,ডিফু,বোকাজান আদি বিভিন্ন অঞ্চলৰ পৰা অহা সদস্য সকলেও ৰক্তদান কৰে এই ৰক্তদান কাৰ্যসূচীত ৷ ৰক্তদান কৰা প্ৰত্যেকজন সদস্যকে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে বিধায়ক ডাঃ নোমল মমিনে ৷