ডিফু,২৪ জানুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৱে উৰুৱালে ক’লা পতাকা ৷ বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমখনত বৰ্তমান নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে বিভিন্ন চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছে বহু দল সংগঠনে ৷
সেই সময়তেই নিৰ্বাচনী কোচ কাৱাজ চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ সঘন আহ-যাহৰ ধাৰা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ’ কা’ বিৰোধী স্থিতিক লৈ ৰাজ্যখনৰ জাতীয় দল সংগঠনসমূহ অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ।
ইয়াৰ মাজতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমলৈ আহি দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যখনৰ লগতে কাৰ্বি আংলং জিলাতো সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বকলীয়াঘাট নগৰৰ মাজমজিয়াত থকা পকী দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ তোঁৰণত ক’লা পতাকা উত্তোলন কৰি ছাত্ৰ সংগঠনটোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক: মোদী-শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যজুৰি AASU ৰ প্ৰতিবাদ