ETV Bharat / state

কাৰ্বি পাহাৰত পদুমৰ হাঁহি : বিৰোধীৰ ভূমিস্খলন

author img

By

Published : Jun 12, 2022, 10:52 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ দখল কৰিলে বিজেপিয়ে(KAAC election result) ৷ ২৬ টা পৰিষদীয় সমষ্টিৰ আটাইকেইটা সমষ্টি দখল কৰি পুনৰ নিশ্চত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে ড৹ তুলিৰাম ৰংহাম নেতৃত্বাধীন টীম কাৰ্বি আংলং ৷

KAAC election result
পাহাৰত পদুমৰ হাঁহি: বিৰোধীৰ ভূমিস্খলন

ডিফু, ১২ জুন: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপি পুনৰ অপ্ৰতিৰোধ্য হৈ ৰ'ল (KAAC election result) ৷ ২৬ টা পৰিষদীয় সমষ্টিৰ আটাইকেইটা সমষ্টি দখল কৰি পুনৰ নিশ্চত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে ড৹ তুলিৰাম ৰংহাং নেতৃত্বাধীন টীম কাৰ্বি আংলং ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ডিফু, হামৰেণ আৰু বোকাজান নিৰ্বাচনী জিলাত ক্ৰমে ১০ টা, ৯ টা আৰু ৭ টা সামৰি মুঠ ২৬ টা পৰিষদীয় সমষ্টিতে দেওবাৰে অনুষ্ঠিত হোৱা ভোট গণনাত বিজেপি প্ৰাৰ্থীসকলে শেষ হাঁহি মাৰিছে ৷

দুই-এঠাইত এপিএইছএলচি আৰু কংগ্ৰেছ প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও বিৰোধী পক্ষৰ শেষ ৰক্ষা নহ'ল ৷ এতিয়ালৈকে কেইটামান পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা নাই যদিও সকলোতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে বুলি জানিব পৰা গৈছে ৷ এক প্ৰকাৰ বিৰোধী শূন্য হিচাপে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদখন গঠন হোৱাৰ দিশে অগ্ৰসৰ হৈছে (BJP to form KAAC) ৷

এই মূহুৰ্তলৈকে পোৱা তথ্য অনুসৰি বিজেপি প্ৰাৰ্থীসকল ক্ৰমে ফুলনিত কাংবুৰা কিলিং, লাংহিনত বিলিমোহন খাকলাৰী, সিংহাসনত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ', মহামায়াত লুণছিং টেৰণ, নমাটিত ৰিতেশ ইংহি , হাওৰাঘাটত অজিত কুমাৰ দে', সৰুপথাৰত কাদম তেৰাঙপী, ছ’চেং ধেণ্টাত কাছে ৰংপিপী, দুৱাৰ বাগৰিত ৰিচাৰ্ড টকবী, বৰজানত সূৰ্য ৰংফাৰ, বোকাজানত মাধুৰ্য ঢেকিয়াল ফুকন, দেওপানীত শ্ৰৱন কুমাৰ তেলেঙগা, নিলীপত পৱিত্ৰ ৰংপি, দুৱাৰ আমলাত প্ৰভাত চন্দৰ তাৰ', ছচেমৰ পৰা হেডছিং ৰংফাৰ, আমৰিত ডি উফিং মাছলাই, ৰংখাঙত লংবিচ বে', চিণ্ঠঙত অভিজিৎ ক্ৰ', লামফেৰত বিজেপি প্ৰাৰ্থী মাধুৰ্য লেকথেৰ বিজয় হোৱা জানিব পৰা গৈছে ৷

আনহাতে, ধনশিৰি, লুম্বাজং, আমৰেং, কপিলি, বিথুং ৰেংথামা, হামৰেণ পৰিয়দীয় সমষ্টিৰ ফলাফল এতিয়ালৈকে জানিব পৰা হেৱা নাই ৷ বিজেপি দলৰ বিজয়ত সমৰ্থক সকলৰ মাজত আনন্দ উল্লাহ কৰা দেখা যায় ৷ বিজয়ী প্ৰাৰ্থী সকলক দলীয় সমৰ্থক নেতা-কৰ্মীয়ে গামোছা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে আতচ-বাজীৰে আনন্দ উৎসৱো পালন কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: BTR byelection 2022: ককলাবাৰী সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে ইউপিপিএল প্ৰাৰ্থী মন্টু বড়োৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.