ETV Bharat / state

বকলীয়াঘাটত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন

কাৰ্বি আংলং জিলাৰ ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত বকলীয়াঘাটত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন । অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে পৃষ্ঠ প্ৰমুখসকলক তৃণমূল পৰ্যায়ৰ মূল ব্যক্তি বুলি অভিহিত কৰে ।

author img

By

Published : Jan 28, 2021, 7:39 PM IST

বকলীয়াঘাটত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন
বকলীয়াঘাটত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন

ডিফু, ২৮ জানুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ তৎপৰ সকলো শাসক বিৰোধী । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় গেৰুৱা দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত বকলীয়াঘাটত দলটোৰ এখনি পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰা হয় ।

বিজেপি দলৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ধনছিং টেৰণৰ সভাপতিত্বত বৃহস্পতিবাৰে দিনৰ প্ৰায় এঘাৰ বজাৰ পৰা বকলীয়াঘাট ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হয় সভাখনৰ । এই সভাত টেৰণে ভাষণ প্ৰদান কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে পৃষ্ঠ প্ৰমুখসকলক তৃণমূল পৰ্যায়ৰ মূল ব্যক্তি বুলি অভিহিত কৰে । পৃষ্ঠ প্ৰমুখসকলে নিয়াৰিকৈ নিজ দায়িত্ব পালন কৰিব পাৰিলেহে উদ্দেশ্য সিদ্ধি সম্ভৱ হ’ব বুলি মন্তব্য কৰি পৃষ্ঠ প্ৰমুখসকলক নিজ দায়িত্ব পালন কৰি যোৱাৰ আহ্বান জনায় ।

ৰাজ্যিক বিজেপিৰ প্ৰতিনিধি হিচাপে সভাখনত উপস্থিত থাকি প্ৰদান কৰা ভাষণত বিজেপি নেতা থৈবা সিঙে তৃণমূল পৰ্যায়ৰ নেতাসকলে সঠিকভাৱে নিজ দায়িত্ব পালন কৰিলেই বিজেপি দলৰ এশখনতকৈ অধিক আসন লাভৰ লক্ষ্য পূৰণ হ’ব বুলি মন্তব্য কৰে । লগতে বিজেপি চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবেও আহ্বান জনায় ।

কেইবা হাজাৰ পৃষ্ঠ প্ৰমুখ তথা দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ ভালেকেইজন শীৰ্ষনেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে । উক্ত সভাতে পৃষ্ঠ প্ৰমুখসকলৰ মাজত নিযুক্তি পত্ৰসমূহো বিতৰণ কৰা হয় ।

লগতে পঢ়ক:অনুৰাধা ছবিগৃহত বহু প্ৰত্যাশিত অসমীয়া ছবি 'মিডনাইট ছং'ৰ বিশেষ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.