ETV Bharat / state

ডিফুত কংগ্ৰেছ নেত্ৰীৰ বিজেপিত যোগদান - কৰ'ণা মহামাৰী

কাৰ্বি আংলং স্বায়ত্ব শাসিত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিফুত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনতে বিজেপিত যোগদান কৰে জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ৰীণা বে'পীয়ে ৷

BJP gearup For karbi anglong autonomous council Forth Coming Election
ডিফুত বিজেপিৰ সভাত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী
author img

By

Published : Jul 10, 2021, 1:06 PM IST

ডিফু, 10 জুলাই : অসমৰ দুই পাৰ্বত্য জিলা ক্ৰমে পূৱ আৰু পশ্চিম কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সমাগত ৷ নিৰ্বাচনক লক্ষ্য কৰি গেৰুৱা দল বিজেপিয়ে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ৷ ২৬ টাকৈ পৰিষদীয় সমষ্টিত বিৰোধীক প্ৰতিহত কৰিবলৈ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই সঘনাই জিলা দুখন ভ্ৰমণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিজেপিয়ে দলৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ডিফুৰ জয়ছিং দলে সোঁৱৰণী প্ৰেক্ষাগৃহত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ৷

উক্ত সভাখনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা, ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে’ আদিকে ধৰি বহুকেইজন শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে ৷ এই সভাখনতে জিলা কংগ্ৰেছৰ সদ্য পদত্যাগী সভানেত্ৰী ৰীণা বে'পীৰ উপৰিও বিৰোধী শিবিৰৰ শতাধিক লোকে বিজেপিত যোগদান কৰে । সভাখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যসূচীক ৰাইজৰ কাষ চপাই নিয়া, ক'ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় ।

ডিফুত বিজেপিৰ সভাত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী

এই সভাৰ পৰাই মোডী মন্ত্ৰীসভাত উত্তৰ-পূৱৰ ৫ গৰাকী মন্ত্ৰীক স্থান দিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, পাহাৰীয়া জিলাখনত বিৰোধী শক্তি শূন্য ৷ কিন্তু গণতন্ত্ৰত বিজেপিয়ে আত্মসমালোচনা কৰি নিৰ্বাচনত অগ্ৰসৰ হ'ব ৷

কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, ৰাজ্যিক বিজেপিৰ নিৰ্দেশমৰ্মে ডিফুত অনুষ্ঠিত হোৱা পূৱ কাৰ্বি আংলং বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত বিশেষ আলোচনা হয় ৷ ইয়াৰোপৰি বিশ্বব্যাপী কৰ'ণা মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বিজেপিৰ সকলো স্তৰৰ কৰ্মীৰ জৰিয়তে ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়াৰ ওপৰত সজাগতা বৃদ্ধি কৰা হ'ব ৷ উল্লেখ্য যে, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপিয়ে জিলাখনলৈ অনা পৰিৱৰ্তন আৰু উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে ন বিজেপি নেত্ৰী ৰীণা বে'পীয়ে ৷

লগতে পঢ়ক- চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.