ETV Bharat / state

5 বছৰত 10 লাখ নিৱনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি মুখ্য়মন্ত্ৰী সোণোৱালৰ

author img

By

Published : Mar 29, 2021, 7:11 AM IST

Updated : Mar 29, 2021, 7:26 AM IST

বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা ৷ বিজেপিয়ে ১০০+ আসন লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা
বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা

ডিফু,29 মাৰ্চঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বোকাজানৰ বিধায়ক নোমল মমিনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বোকাজানৰ হিদিপি মিৰ্জাং খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি বিগত বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফক অসমৰ মহাশত্ৰু বুলি মন্তব্য কৰে । 5 বছৰত 10 লাখ যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সৰ্বানন্দ সোণোৱালে । বিজেপিৰ শাসন কালত বৰাক-ব্ৰক্ষ্মপুত্ৰ একাকাৰ হোৱাৰ লগতে গোটেই অসমত শান্তি প্ৰতিষ্ঠা হৈছে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কাৰ্বি আংলঙৰ আটাইকেইখন আসন বিজেপিয়ে দখল কৰাৰ লগতে অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰ শতাধিক আসন লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়কঃ দুৰ্ঘটনাত পতিত AIUDF ৰ উপ সভাপতি আৱাল মজিদ

Last Updated : Mar 29, 2021, 7:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.