ডিফু, 13ডিচেম্বৰ: যোৱা 2 ডিচেম্বৰৰ পৰা ডিফুৰ কাছাৰ খেল পথাৰ আৰু পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম খেল পথাৰত চলি থকা প্ৰথম আন্তঃ এমএচি ফুটবল চেম্পিয়নশ্বীপ 2020 ৰ শণিবাৰে প্ৰথম খন হাই ভল্টেজ ছেমি ফাইনেল অনুষ্ঠিত হৈ যায় ৷ ডিফুস্থিত কাছাৰ অত্যাধুনিক খেল পথাৰত ফ্লাড লাইটৰ মাজত হোৱা প্ৰথম খন দিবা-নৈশ এম এ চি ফুটবল প্ৰতিযোগিতাত বিথুং ফুটবল দলে লাংহিন ফুটবল দলক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷ কাৰ্বি আংলং ক্ৰীড়া সন্থা চমুকৈ কাছাৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা মেচখনে দৰ্শক সকলক আমোদ দিবলৈ সক্ষম হয় ৷
খেলৰ প্ৰথমাৰ্দ্ধত লাংহিনৰ হৈ প্ৰথমাৰ্ধৰ 12 মিনিটত প্ৰথমটো স্কৰ কৰে কৃষ্ণ হাজোৱাৰীয়ে ৷ বিথুং ফুটবল দলৰ হৈ জিতিচন ইংহি প্ৰথমাৰ্দ্ধৰ 31 মিনিটত লাংহিন দলক এক গ'ল দি দলৰহৈ সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি দ্বিতীয়াৰ্দ্ধৰ শেহলৈকে খেল 1-1 গলত ড্ৰত সমাপ্ত হয় ৷ অতিৰিক্ত সময়ৰ 29 মিনটত বিথুং ফুটবল দলৰহৈ পুণৰ জিতিচন ইংহিয়ে লাংহিনক দ্বিতীয়টো গ'ল দি বিথুঙক 2-1 গ'লৰ ব্যৱধানত বিজয়ী কৰাই ফাইনেলত প্ৰৱেশ কৰে ৷ উন্নত খেলৰ বাবে বিথুং দলৰ জিতিচন ইংহিক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷
এই বঁটা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাছাৰ সভাপতি তুলিৰাম ৰংহাঙে ৷ খেলখন পৰিচালনা কৰে আৰৱিনচন কিলিঙে ৷ তেওঁক লাইনত সহায় কৰে বিজয় ৰংহাঙ আৰু ৰূপকণচিং ৰমফাৰে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত থাকে হনচিং কিলিঙ ৷
লগতে পঢ়কঃ প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনিৰে মুখৰিত বাক্সা