ETV Bharat / state

চুমিলা হত্যাকাণ্ডৰ তদন্তৰ দাবীত বাইক ৰেলী - SUMILA RONGHANGPI MURDER CASE UPDATE

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডত শোকস্তব্ধ মটৰ ৰাইডিং সংস্থাসমূহ । উচিত তদন্তৰ দাবীত ডিফুৰ পৰা ৰহালৈ বাইক ৰাইডাৰসকলে এক ৰেলী আৰম্ভ কৰে ।

justice for sumila
ডিফুৰ পৰা বাইক ৰেলী
author img

By

Published : May 1, 2021, 6:30 PM IST

ডিফু,১ মে': সমগ্ৰ ৰাজ্য কঁপাইছে চুমিলা ৰংহাংপী হত্যাকাণ্ডই । বিভিন্ন দল-সংগঠনে ঘটনাত জড়িত দোষীক শাস্তি প্ৰদান আৰু সঠিক তদন্তৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ চুমিলাৰ দুৰ্ভগীয়া পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ডিফুৰ এটা মটৰ চাইকেল সন্থাৰ অভিনৱ প্ৰতিবাদ । প্ৰতিবাদস্বৰূপে কাৰ্বি আংলং জিলাখনৰ ৰাইডাৰছ সন্থাই ডিফুৰ পৰা ৰহালৈ যাত্ৰা কৰে ।

পুৱা ৮ বজাত পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ চেমচনচিং ইংতি মেম'ৰিয়েল পাৰ্কৰ পৰা কাৰ্বি আংলঙৰ কেইবাটাও মটৰ চাইকেল ক্লাৱৰ উদ্যোগত এক অভিযান আৰম্ভ কৰা হয় । অল ইণ্ডিয়া ৰাইডাৰছ সংস্থা, আৰকা আদি ৰাইডাৰ সংস্থাকে ধৰি কেইবাটাও সংস্থাৰ সহযোগত চুমিলা হত্যাকাণ্ডৰ স্থান ৰহাৰ খাইগড়ত উপস্থিত হোৱাৰ লক্ষ্যৰে এই যাত্ৰা আৰম্ভ কৰে ।

ডিফুৰ পৰা বাইক ৰেলী

দলটোৰ মূৰব্বী সকলৰ মতে কিশোৰী চুমিলা হত্যাত তেওঁলোক খুবেই মৰ্মাহত, এই যাত্ৰাৰ দ্বাৰা তেওঁলোকে ৰাইজক বাৰ্তা দিব বিচাৰিছে যাতে ভৱিষ্যতে আৰু এনে ধৰণৰ ঘটনা নহওঁক । শিক্ষাৰ নামত শিশু শ্ৰমিক হিচাপে ব্যৱহৃত হৈ থকা কণমানি কিশোৰ-কিশোৰীসকলৰ ভৱিষ্যত যাতে 'বেটী বচাও, বেটী পঢ়াও'ৰ জৰিয়তে চৰকাৰে ব্যৱস্থা লয় তাকো চৰকাৰক আহ্বান জনাই ৰাইডাৰ সকলে ।

অল ইণ্ডিয়া ৰাইডিং সংস্থাৰ বিষয়-ববীয়াও চুমিলাৰ হত্যাকাণ্ডকলৈ মৰ্মাহত । ক'ভিডৰ বাবে এই কাৰ্যসূচীত অংশ ল'ব নোৱাৰিলেও তেওঁলোকে শোকবাৰ্তা প্ৰেৰণ কৰিছে । ইয়াৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটানৰ বাইক ৰাইডাৰ সকলেও মৰ্মাহত হৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.