ডিফু, 21 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজাৰ মাজতে মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বকলীয়াঘাট আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আৰু বকলীয়াঘাট থানাৰ আৰক্ষী কৰ্মীৰ সহযোগত লাংহিন, উত্তৰ বৰবিল, কাচ’মাৰী আৰু বকলীয়া বজাৰৰ পৰা দুই দুধৰ্ষ মটৰ চাইকেল চোৰসহ দুই ছেকেণ্ডহেণ্ড মটৰ চাইকেল শ্ব' ৰুমৰ স্বত্বাধিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে চোৰ কেইটাৰ পৰা চাৰিখন হিৰ’ চুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা বিৱৰণী অনুসৰি, আৰক্ষীয়ে প্ৰথমতে হোজাই জিলাৰ কাকীৰ অভিজিৎ দাস আৰু মোৰাঝাৰ থানা এলেকাৰ ছামুৰালি টুপ গাঁৱৰ হিফজুৰ ৰহমান নামৰ চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ৷
সেই চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মটৰ চাইকেল কেইখন বিক্ৰি কৰা লাংহিনৰ ছেকেণ্ড হেণ্ড শ্বৰুমৰ গৰাকী গণেশ কোঁৱৰ আৰু বকলীয়াঘাট ছেকেণ্ড হেণ্ড শ্ব’ ৰুমৰ গৰাকী নমিত ব্ৰহ্মকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আনকি আৰক্ষীয়ে হিফজুৰ ৰহমানৰ ঘৰত অভিযান চলাই এখন পুৰণি হুণ্ডা গাড়ীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ দুটাৰ নাম ক্ৰমে- অভিজিৎ দাস আৰু হিফজুৰ ৰহমান ৷
উল্লেখযোগ্য যে, ধৃত চোৰ দুটা ক্ৰমে- অভিজিৎ দাস আৰু হিফজুৰ ৰহমানে মটৰ চাইকেল কেইখন বিভিন্ন সময়ত নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰি আনিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে বকলীয়াঘাট থানাত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷
ইফালে বাতৰি যুগুত কৰাৰ পাচত চোৰ কেইটাক শুকুৰবাৰে ডিফু ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় ৷
লগতে পঢ়ক : Heroin Seize in Karbi Anglong: খটখটীত লক্ষাধিক টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰীক আটক