ডিফু, ২১ এপ্ৰিল: বুধবাৰে ডিফুৰ পাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানৰ জৰিয়তে কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে সজগতা সৃষ্টি প্ৰয়াস কৰে ।
অনুষ্ঠানটিত বিজ্ঞানৰ বিভিন্ন বিষয়বস্তু দাঙি ধৰিব পৰাকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ২০টাৰো অধিক বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে ।
উক্ত অনুষ্ঠানৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষ মীনা জি মমিনৰ সভাপতিত্বত আয়োজিত হোৱা এক সভাত মহামাৰীৰ সংক্ৰমণ তথা ইয়াৰ ভয়াৱহতা সন্দৰ্ভত আলোচনা কৰা হয় ।
বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মুক্তাৰাম কলিতাই ক'ভিড সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ মাস্কো বিতৰণ কৰা হয় । উক্ত সভাতে প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰা হয় ।
উল্লখ্যে যে, বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰীৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাইছে । সেয়ে, চৰকাৰৰ উপৰিও বিভিন্ন সংগঠন তথা অনুষ্ঠানে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে ।
লগতে পঢ়ক:নীলবাগানত জব্দ আগৰ ভৰ্তি ট্ৰাক