ETV Bharat / state

অস্ত্ৰ হাতত ল'লে অসম আৰক্ষী বহি নাথাকেঃ ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Jun 3, 2020, 10:16 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰ আজি ডিফুত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মহাপৰিদৰ্শক হীৰেন নাথ ৷ দুয়োগৰাকী শীৰ্ষ বিষয়াই পাহাৰীয়া জিলাখনত উপস্থিত হৈয়ে উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ ইংগিত প্ৰদান কৰে ৷

ভাস্কৰজ্যোতি মহন্ত
ভাস্কৰজ্যোতি মহন্ত

ডিফু, 3 জুুনঃ দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া কাৰ্বি আংলং জিলাৰ ডিফুত উপস্থিত হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত তথা মহাপৰিদৰ্শক হীৰেন নাথ ৷ গুৱাহাটীৰ পৰা লামডিঙ পথেৰে ডিফুত উপস্থিত হয় অসম আৰক্ষীৰ দুয়োগৰাকী শীৰ্ষ বিষয়া ৷

ডিফুত উপস্থিত হৈয়ে অসমৰ সকলো উগ্ৰপন্থী সদস্যক মুলসূঁতিলৈ ঘুৰি অহাৰ আহ্বান জনায় দুয়োগৰাকী শীৰ্ষ বিষয়াই ৷ "উগ্ৰপন্থীয়ে হাতত অস্ত্ৰ তুলি ললে অসম আৰক্ষীয়ে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদা প্ৰস্তুত আছে" বুলি মন্তব্য কৰে সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ ডিফুত উপস্থিত হোৱা দুয়োগৰাকী বিষয়াক অসম আৰক্ষীৰ জোৱানসকলে ডিফু আৰবেৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে ৷

জিলাখনত উপস্থিত হৈয়ে দুয়োগৰাকী শীৰ্ষ বিষয়াই একপক্ষীয় যুদ্ধ বিৰতিত থকা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ লগত আলোচনাত মিলিত হয় ৷ পৰৱৰ্তী সময়ত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰে দুয়োগৰাকী শীৰ্ষ বিষয়াই ৷ সংবাদমেলত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কৰ'ণাৰ যুদ্ধখনত জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত আৰক্ষীৰ জোৱানসকলে প্ৰত্যক্ষভাবে সেৱা আগবঢ়োৱাৰ কথা স্বীকাৰ কৰে ৷ তেওঁলোকৰ সু-স্বাস্থ্য আৰু সতৰ্কতাৰ দিশবোৰৰ ওপৰতো আলোকপাত কৰে সঞ্চালকপ্ৰধানগৰাকীয়ে ৷

সংবাদমেলত কাৰ্বি আংলঙৰ আইন-শৃংখলা পৰিস্থিতি বৰ্তমানে ঠিকে আছে বুলি কোৱাৰ লগতে চুবুৰীয়া ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰে ৷ ৰাজ্যত সক্ৰিয় হৈ থকা বিভিন্ন উগ্ৰপন্থী সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান জনায় সঞ্চালকপ্ৰধানে ৷ উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰলৈ অসম আৰক্ষীয়ে ভয় নকৰে, উগ্ৰপন্থী সংগঠনে হিংসাৰ আশ্ৰয় ল'লে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ অসম আৰক্ষী সদা প্ৰস্তুত আছে বুলি মন্তব্য কৰে তেওঁ ৷ সংবিজিত গোটৰ প্ৰতিটো পদক্ষেপৰ খবৰ আৰক্ষীৰ ওচৰত আছে ৷ সেয়ে পিডিচিকে, ডিএনএলএৰ পৰা আৰম্ভ কৰি হিংসাৰ পথত থকা উগ্ৰপন্থী সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি অহাৰ বাবে আহ্বান জনায় সঞ্চালকপ্ৰধানগৰাকীয়ে ৷

অস্ত্ৰ হাতত ল'লে অসম আৰক্ষী বহি নাথাকেঃ ভাস্কৰজ্যোতি মহন্ত

আলফাৰ ওপৰত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ অৱশ্যে ডিএনএলৰ শক্তি অসম আৰক্ষীয়ে বহুখিনি নিয়ন্ত্ৰণলৈ আনিছে বুলি কোৱাৰ লগতে সংগঠনটোক শীঘ্ৰেই মুলসূঁতিলৈ উভটি আহিবলৈ কয় ডিজিপি ভাস্কৰজ্যোতি মহন্তই ৷ অহাকালি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সৈতে বিভিন্ন দিশত আলোচনাত মিলিত হ'ব অসম আৰক্ষীৰ দুয়োগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.