ETV Bharat / state

কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ - explosive recover in Diphu

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলঙৰ ডিফুত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী (Weapons including explosives recovered) ৷ কাৰ্বি পাহাৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এক ভয়ঙ্কৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল কাৰ্বি আংলং ৷ দুই পাৰ্বত্য জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি অহাৰ সময়তে পুণৰ এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Weapons including explosives recovered
কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ
author img

By

Published : Jan 22, 2022, 9:27 PM IST

Updated : Jan 22, 2022, 9:36 PM IST

ডিফু, ২২ জানুৱাৰী: গণৰাজ্য দিৱসলৈ মাত্ৰ চাৰিটা দিন বাকী থকা মূহূৰ্তত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিষ্ফোৰক হেণ্ড গ্ৰেণেড আৰু অস্ত্ৰ-শস্ত্ৰ (Weapons including explosives recovered)৷ আজি বিয়লি কাৰ্বি আংলঙৰ ঘন জংঘলৰ ভিতৰত পুতি থোৱা অৱস্থাত অসম আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ ৷ শণিবাৰে ডিফু আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৷

অ'চি জে এছ খবুঙে জানিবলৈ দিয়া অনুসৰি যোৱা বছৰৰ শেষৰ ফালে কাৰ্বি আংলঙৰ ৰংমংৱেত আৰক্ষীৰে সংঘৰ্ষত কাৰ্বি ডেম’ক্ৰেটিক লিবাৰেছন ফ্ৰণ্ট চমুকৈ কেডিএলএৰ স্বয়ম্ভু অধ্যক্ষ জেকছন ৰংহাঙৰ মৃত্যু হৈছিল ৷ মৃত জেকছন ৰংহাঙে বহুতো অস্ত্ৰ-শস্ত্ৰ কাৰ্বি আংলঙৰ গোপন স্থানত লুকুৱাই ৰখাৰ সম্ভেদো লাভ কৰিছিল আৰক্ষীয়ে ৷ সেই মৰ্মে আৰক্ষীয়ে এই অস্ত্ৰ-শস্ত্ৰৰ গোপনে সন্ধান চলাইছিল ৷ অৱশেষত শণিবাৰে বিয়লি প্ৰায় 2 বাজি 45 মিনিটত আৰক্ষীয়ে গোপন সূত্ৰে উক্ত অস্ত্ৰ-শস্ত্ৰ ডিফু-লামডিং পথৰ ব'টানিকেল গাৰ্ডেনৰ পিছফালৰ হাবিত লুকুৱাই ৰখাৰ তথ্য লাভ কৰে ৷ সম্ভেদ লাভ কৰাৰ লগে লগে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশমৰ্মে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত উপ-পৰিদৰ্শক দীপজ্যোতি দাস, 7 এপিবিএনকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে উক্ত স্থানত উপস্থিত হৈ লুকুৱাই থোৱা অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Assam Police busted Hideout and recovered Huge Arms and ammunition) ৷

কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিষ্ফোৰক পদাৰ্থসমূহ ক্ৰমে, এটা 0.22 ৰাইফল, এটা হস্তনিৰ্মিত মেগজিনসহ থ্ৰী নট থ্ৰী ৰাইফল, এটা হস্তনিৰ্মিত পিষ্টল, 4 টা HE 39 হেণ্ড গ্ৰেণেড, 3 টা AK 47 ৰাইফলৰ মেগজিন, 6 টা পিষ্টলৰ মেগজিন, তাঁৰসহ ৭ টা ডিটনেটৰৰ বাণ্ডিল, HE 39 গ্ৰেণেডৰ 7 টা স্প্ৰিং, HE 39 গ্ৰেণেডৰ 9 টা ডিটেনেটৰ, 3 টা ওৱাৰলেছ ছেট, 7 টা বিষ্ফোৰক, একে 47 ৰাইফলছৰ 180 টা সঁজীৱ গুলী, 9 এমএম পিষ্টলৰ 66 টা সঁজীৱ গুলী আৰু 0.22 পিষ্টলৰ 31 টা সজীৱ গুলী ৷ অৱশ্যে অস্ত্ৰ-শস্ত্ৰখিনিৰ লগত আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম নহ’ল ৷

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰ্বি পাহাৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এক ভয়ঙ্কৰ কুটাঘাতৰ পৰা জিলাখন ৰক্ষা পৰিল বুলি সচেতন মহলত চৰ্চা হৈছে ৷ দুই পাৰ্বত্য জিলাৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি আহিছে যদিও জিলাখনত পুনৰ এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

উল্লেখযোগ্য যে, যোৱা ১০ ডিচেম্বৰত দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ ৰংমংবেৰ এখন দলং নিৰ্মানৰ কামত নিয়োজিত বনুৱাক কৰ্মস্থানৰ পৰাই তিনিজনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিছিল ৷ উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে একেখন গাঁৱৰ অমৰজ্যোতি তেৰাঙক আটক কৰিছিল ৷ অমৰজ্যোতি তেৰাঙৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডত আৰু তিনিজন লোক জড়িত থকা বুলি জানিব পাৰি তদন্ত আৰম্ভ কৰি অপহৃতা চন্দন দে'ক সুস্থ শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তদন্তক্ৰমে কাৰ্বি আংলং আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত ৰংমংবে খ্ৰীষ্টানবস্তিৰ জেকছন ৰংহাঙৰ অৱস্থিতিৰ উমান পাই ঘন জংঘলত অভিযান চলায় ৷ অভিযান কালত জেকছন ৰংহাঙে আৰক্ষীৰে গুলীয়াগুলীত লিপ্ত হোৱাৰ ফলত জেকছন ৰংহাং গুৰুতৰবাবে আঘাতপ্ৰাপ্ত হয় ৷ জেকছন ৰংহাঙক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে জেকছনক মৃত ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: ৭৬ বছৰ পাছত অৰুণাচলত ওলাল দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত যুদ্ধ বিমানৰ ধ্বংসাৱশেষ

Last Updated : Jan 22, 2022, 9:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.