বোকাজান, 29 মেঃ কাৰ্বি পাহাৰৰ বোকাজান মহকুমাৰ জপৰাজান অঞ্চলত আবদ্ধ শ শ বাহন । ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে আবদ্ধ হৈ পৰিছে ৩ খনকৈ ট্ৰাক ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়ো পাৰে আবদ্ধ শ শ বাহন । মঙলবাৰে সন্ধিয়া পৰা বাহনসমূহ আবদ্ধ হৈ পৰা ফলত কিছু সংখ্যক যাত্ৰীবাহী বাহন গাঁৱলীয়া পথেৰে পাৰ হৈ গৈছে যদিও ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে।
পথত সৃষ্টি হোৱা বৃহৎ গাঁতৰ ফলত জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজৰ লগতে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। ইমানৰ পিচতো বিভাগীয় কোনো বিষয়া উক্ত স্থানত উপস্থিত নোহোৱাত পুৱাৰে পৰা আবদ্ধ হৈ থকা বাহনসমূহৰ চালক সকলে সকলোৰে পৰা টকা গোটাই শিল ক্ৰয় কৰি নিজেই মেৰামতি কৰি ওলাই যাবলৈ প্ৰয়াস কৰে যদিও পুখুৰী সদৃশ গাঁতৰ ফলত বৰ্তমানেও গাড়ী সমূহ উলিয়াই নিবলৈ সক্ষম হোৱা নাই ।