ডিফু,৩ জুন : কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election 2022) পাছতে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এই কথা ঘোষণা কৰে (Assam cabinet to be expansion)। কাৰ্বি আংলঙৰ শান্তিপুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ পুনৰ মন্তব্য কৰা দেখা গৈছে ।
অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই সম্প্ৰসাৰণ ক্ষুদ্ৰ হ'ব । ইফালে সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে পাহাৰীয়া জিলাৰ এগৰাকী বিধায়কে মন্ত্ৰী সভাত স্থান পোৱাৰ সম্ভাৱনা আছে । লক্ষণীয়ভাৱে পূৰ্বৰ কোনো মন্ত্ৰীক বাদ নিদিয়ে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।
ইফালে শেহতীয়াকৈ চাহ বাগিছা অঞ্চলত একাংশ বাগিছাৰ মালিকে শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ উঠিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কঠোৰ হ'ব অসম চৰকাৰ । চাহ বাগিছাৰ মালিকসকলক চাহ খেতিৰ বাবে মাটি লীজতহে দিছে চৰকাৰে মালিকী স্বত্ব দিয়া হোৱা নাই বুলিও সকীয়াই দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
পশ্চিম কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত এজনী কণমানি ছোৱালীয়ে মুখ্যমন্ত্ৰীক লগ কৰিব নোৱাৰি কান্দোনত ভাগি পৰা কণমানিজনীক তেওঁৰ বাসগৃহলৈ মাতিব বুলিও কয় ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে নিৰ্বাচনৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলঙৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে (Himanta Biswa Sarma in Karbi Anglong)। শুকুৰবাৰৰ দিনটোত দেওপানী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰৱন তেলেঙ্গাৰ হৈ শান্তিপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলায় । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ দিনটোত কাৰ্বি আংলঙত চাৰিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM campaign in Karbi Anglong)৷ ইফালে অহা ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ পৰিষদীয় সমষ্টিৰ সংখ্যা হৈছে ২৬ টা ৷
লগতে পঢ়ক:যুদ্ধ জয়ৰ আখৰা: কাৰ্বি পাহাৰত আশ্বাসৰ ঢল বোৱাই মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ