ETV Bharat / state

Assam Book Fair 2023: ডিফুত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2023 - অপৰূপ আৰ্লেং

ডিফুত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2023 ৷ সোমবাৰে গ্ৰন্থমেলাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং জিলা প্ৰসাশনে প্ৰকাশ কৰি উলিওৱা ‘অপৰূপ আৰ্লেং’ নামৰ গ্ৰন্থখনো উন্মোচন কৰা হয় ৷

Assam Book Fair 2023
ডিফুত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2023
author img

By

Published : Feb 6, 2023, 10:35 PM IST

ডিফুত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2023

ডিফু, 6 ফেব্ৰুৱাৰী: কাৰ্বি আংলং জিলাৰ ডিফুত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2023(Assam Book Fair 2023) ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা ৷ সোমবাৰে গ্ৰন্থমেলাখনৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে ৷

গ্ৰন্থমেলাখন উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে(Rongbong Terang) কয় যে, অসম গ্ৰন্থমেলা বাতৰিটো ইমান মিঠা তাক প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই ৷ ইয়াৰ বাবে গ্ৰন্থমেলাৰ আয়োজকক ধন্যবাদো জ্ঞাপন কৰে সাহিত্যিকগৰাকীয়ে ৷ তেখেতে ভাষণ প্ৰসংগত প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঁঞিকো স্মৰণ কৰে ৷

কাৰ্বি সমাজ-সংস্কৃতি,জীৱন ধাৰা আৰু সাহিত্য চৰ্চাৰ প্ৰতি মোক কৌতুহলী কৰি তুলিলে বুলি প্ৰয়াত হোমেন বৰগোহাঁঞিয়ে উল্লেখ কৰা বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ গ্ৰন্থ হ'ল হৃদয়ৰ সাঁচতীয়া সম্পদ বুলি উল্লেখ কৰি হেম বৰুৱাৰ ‘সাগৰ দেখিছা’ কিতাপখন এতিয়াও সাঁচি থোৱা বুলি তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, উদ্ধোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মন্ত্ৰী যোগেন মহন, বিধায়কদ্বয় দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, উপায়ুক্ত মধুমিতা ভাগৱতী, প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উপসভাপতি বাহাৰুল ইছলাম চৌধুৰী(Assam Book Fair at Diphu) ৷

আনহাতে, লেখক অৰূপ কুমাৰ দত্তই ভাষণ প্ৰদান কৰি কয় যে, গ্ৰন্থমেলাৰ চাৰিটা মুখ্য উদ্দেশ্য হ'ল একে ঠাইতে বহু কিতাপ গোটাই দিয়াৰ সুবিধা প্ৰদান কৰা , এটা আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰা, কিতাপ পঢ়াৰ প্ৰতি ধাউতি জগাই তোলা আৰু গ্ৰন্থই কল্পনা শক্তি জগাই তোলে ৷ সৃষ্টিশীল কল্পনা নহ’লে পৃথিৱীত কোনো সৃষ্টি নহয় বুলিও দত্তই উল্লেখ কৰে ৷ মানৱ জাতিৰ উত্থানৰ অৱদান হ'ল সৃষ্টিশীল কল্পনা শক্তি বুলিও তেখেতে উল্লেখ কৰে ৷

সভাত ভাষণ প্ৰদান কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্ধোধনী সভাত সেৰেঙা উপস্থিতিক লৈ মন্তব্য কৰি কয় যে, গ্ৰন্থৰ সলনি সাংস্কৃতিক অনুষ্ঠানলৈহে আজি আগ্ৰহী বেছি ৷ এয়া শুভ লক্ষণ নহয় ৷ গ্ৰন্থ ক্ৰয় কৰাৰ লগতে অধ্যয়ন কৰি জ্ঞান বৃদ্ধি কৰিবলৈ জিলাবাসীক আহ্বান ৰংহাঙৰ ৷ ইফালে উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং জিলা প্ৰশাসনে প্ৰকাশ কৰি উলিওৱা ‘অপৰূপ আৰ্লেং’ নামৰ গ্ৰন্থখন উন্মোচন কৰে মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক: Teenage Pregnancy Ratio in Assam: উদ্বেগজনক ! কিশোৰী গৰ্ভৱতী হোৱা তথ্যই কঁপাইছে ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.