ডিফু, ২৫ জুলাই: অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিৰ যুৱ মৰ্চাই সোমবাৰে ডিফুত কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীত এখন প্ৰতিবাদ সভা আহ্বান কৰে ৷ ডিফু ক্লাৱত দলটোৰ যুৱ মৰ্চাই আয়োজন কৰা সভাত বহুকেইটা সিদ্ধান্ত লোৱা হয় ৷ তেওঁলোকে বিশেষকৈ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক লৈ ভাৰতীয় সংবিধানৰ ২৪৪(ক) অনুচ্ছেদৰ ভিত্তিত এখন স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত পুনৰ আন্দোলনৰ সংকল্প লয় (ASDC Youth front demand for autonomous state) ৷
এএছডিচিৰ যুৱ মৰ্চাৰ সভাপতি প্ৰেমচন বে’য়ে কয় যে, বিজেপি দলে বাৰে বাৰে ৰাইজক ফাঁকি দি আহিছে ৷ লোকসভা নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন, পৰিষদৰ নিৰ্বাচন সকলোতে দলটোৱে বিগত ৮ বছৰ ধৰি বিজেপিক জয়ী কৰালে ৷ পাহাৰৰ জনতাৰ দাবী অনুসৰি দলটোৱে স্বায়ত্ব শাসিত ৰাজ্য দিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ৰাইজে ভোট দিলে যদিও আজিলৈকে বিজেপিয়ে সেই প্ৰতিশ্ৰুতি পালন নকৰিলে (Demand for autonomous state)৷
এএছডিচিৰ যুৱ মৰ্চাই চৰকাৰক শীঘ্ৰে অসম বিশ্ববিদ্যালয় ডিফু চৌহদক পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰা, ডিফু চৰকাৰী মহাবিদ্যালয়ত শীঘ্ৰে ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধি কৰাৰ লগতে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰা, স্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ দাবী জনায় ৷
তেওঁলোকে লগতে ডিফু বিএড কলেজ পুনৰ স্থাপন কৰা, টেট উত্তীৰ্ণ সকলো খিলঞ্জীয়া শিক্ষক-শিক্ষয়িত্ৰীক শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, এমঅ'ইউ চুক্তি শীঘ্ৰে ৰূপায়ণ কৰা আৰু ভাৰতীয় সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪(ক)শীঘ্ৰে ৰূপায়ণ কৰাৰ বাবেও বিজেপি চৰকাৰক দাবী জনায় ৷ তেওঁলোকে শীঘ্ৰে এই দাবীসমূহ পূৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে, আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়াৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সমৰ্থন আহ্বান কৰে ৷
লগতে পঢ়ক : Moina Nayak incident: প্ৰচলিত আইনে নিৰাপত্তা দিব পাৰিবনে চাহ শ্ৰমিকক !