ETV Bharat / state

কেবৰ বিৰোধিতাৰে শনিবাৰে কৃষক মুক্তিৰ প্ৰতিবাদত অংশ ল'ব এ এছ ডি চিয়ে

author img

By

Published : Dec 6, 2019, 9:54 PM IST

তুলিৰাম ৰংহাংৰ নেতৃত্বাধীন কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ পৰ্বতসম দুৰ্নীতিক লৈ ডিফুত পাহাৰীয়া জিলাৰ অন্যতম বিৰোধী দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এ এছ ডি চিৰ সংবাদমেল ৷ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যপালৰ তদন্ত দাবী কৰিব দলটোৱে ৷ শনিবাৰে কৃষক মুক্তিৰ কেব বিৰোধী জোৰ সমদলতো অংশগ্ৰহণ কৰিব এ এছ ডি ছিয়ে ৷ সাংবাদিকৰ আগত সভাপতি হলিৰাম তেৰাঙৰ মন্তব্য ৷ কেবৰ কৱলৰ পৰা কাৰ্বি আংলং প্ৰভাৱিত নহয় বুলি আশ্বস্ত নহয় এ এছ ডি চি ৷

কাৰ্বি স্বায়ত্ত পৰিষদৰ দুৰ্নীতিত লৈ এ এছ ডি চিৰ সংবাদমেল: কাইলৈ কেব বিৰোধী প্ৰতিবাদ কৰিব অংশগ্ৰহণ
কাৰ্বি স্বায়ত্ত পৰিষদৰ দুৰ্নীতিত লৈ এ এছ ডি চিৰ সংবাদমেল: কাইলৈ কেব বিৰোধী প্ৰতিবাদ কৰিব অংশগ্ৰহণ

ডিফু, 6 ডিচেম্বৰ: কাৰ্বি স্বায়ত্ত শাসিত পৰিষদত সংঘটিত অবাধ দুৰ্নীতি আৰু কেবৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিছে পাহাৰীয়া জিলাখনৰ অন্যতম বিৰোধী দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এ এছ ডি চি ৷ শুকুৰবাৰে ডিফুত এক সংবাদমেলযোগে কাৰ্বি স্বায়ত্ত পৰিষদ আৰু কেব সন্দৰ্ভত সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি সভাপতি হলিৰাম তেৰাং, কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত তেৰাং, সাধাৰণ সম্পাদক জৎছন বেক প্ৰমুখ্য কৰি দলটোৰ শীৰ্ষ নেতৃত্বই ৷

সংবাদমেলযোগে দলৰ সভাপতি হলিৰাম তেৰাঙে কয় যে, তুলিৰাম ৰংহাংৰ নেতৃত্বত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত দলটোৱে ৰাজ্যপাল জগদীশ মুখীক ইতিমধ্যে তদন্ত কৰিবলৈ যোৱা তিনি ডিচেম্বৰত তেওঁৰ সৈতে মিলিত হৈ আহ্বান জনাইছে ৷ লগতে দলটোৱে পৰিষদৰ জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত দুৰ্নীতিৰ কিছু তথ্য ৰাজ্যপালক প্ৰদান কৰিছে ৷ তেওঁলোকে ৰাজ্যপাল জগদীশ মুখীৰ হাতত জলসিঞ্চন বিভাগত কোনো কাম নকৰাকৈ ৭১ খন আচঁনিৰ ৫১৪৯:০২ লাখ টকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮৫৪:৬৪ লাখ টকা আত্মসাৎ কৰাৰ তথ্য দাখিল কৰাৰ কথাও সংবাদমেল যোগে সদৰি কৰে ৷

কাৰ্বি স্বায়ত্ত পৰিষদৰ দুৰ্নীতিক লৈ এ এছ ডি চিৰ সংবাদমেল: কেবৰ বিৰোধিতাৰে কাইলৈ অংশ ল'ব কৃষক মুক্তিৰ প্ৰতিবাদত

আনহাতে, ৰাজ্য কপাঁই থকা জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভথো সংবাদমেলযোগে দলৰ স্থিতি স্পষ্ট কৰিলে এ এছ ডি চিয়ে ৷ কেব গৃহীত হ'লে কাৰ্বি আংলঙত থকা বহু পৰিত্যক্ত ভূমিত বাংলাদেশী সহজে থিতাপি লোৱাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে সভাপতি হলিৰাম তেৰাঙে ৷ তেওঁ কয় যে, কেন্দ্ৰীয় কেবিনেটে গৃহীত কৰা কেবে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাত যে ইয়াৰ প্ৰভাৱ নপৰে এই বিষয়ে আশ্বস্ত কৰিব পৰা নাই ৷ ইফালে কেবৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া দীঘলীপুখুৰীত কৃষক মুক্তিয়ে আহ্বান কৰা জোৰ সমদলতো এ এছ ডি চিয়ে অংশ গ্ৰহণ কৰিব বুলি সভাপতি হলিৰাম তেৰাঙে সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷

আৰু পঢ়ক: "কেব" বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ডি জি পিক নিৰ্দেশ

Intro:কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দূৰ্নীতিৰ অভিযোগ তুলি ৰাজ্যপালক স্মাৰক পত্ৰ এএছডিচিৰ ৷
---------------------------------------- 'কেব' ৰ বিৰোধিতাৰ বাবে কাইলৈ কৃষক মুক্তিৰ সৈতে গুৱাহাটীত জোঁৰ সমদলত অংশ গ্ৰহণ কৰিব এএছ ডিচিয়ে ৷

ডিফু, ৬ ডিচেম্বৰ:- কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেতবোৰ দূৰ্নীতিৰ অভিযোগলৈ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাখনৰ অন্যতম বিৰোধী ৰাজনৈতিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচি ৷ এইলৈ আঞ্চলিক দল এ এছ ডি চিয়ে আজি এক সংবাদ মেল সম্বোধন কৰি কয় যে তুলিৰাম ৰংহাং নেতৃত্বতাধীন কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰ্বতসম দুৰ্নীতিৰ তদন্ত কৰাব ৰাজ্যপালে ৷ দলটোৰ সভাপতি হলিৰাম তেৰাং , কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত তেৰাং , সাধাৰণ সম্পাদক জৎছন বে , হেমছিং তিছ , ছনাছিং টেৰণ আৰু সঞ্জয় কিলিং উপস্থিত থকা সংবাদ মেলত সভাপতি তেৰাঙে ৩ ডিছেম্বৰত তেওঁলোকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক লগ ধৰাৰ বিষয়ে অৱগত কৰে ৷ দলটোৰ নেতৃত্বই ৰাজ্যপাল গৰাকীক লগ ধৰি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি তথ্য সহকাৰে দাখিল কৰে ৷ জলসিঞ্চন বিভাগত কোনো কাম নকৰাকৈ ৭১ খন আচঁনিৰ ৫১৪৯:০২ লাখ টকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮৫৪:৬৪ লাখ টকা আত্মসাত কৰাৰ তথ্য দাখিল কৰে ৷ ৰাজ্যপাল গৰাকীয়ে এই তথ্যৰ ভিত্তিত এক তদন্ত দিব বুলি এ এছ ডি চি আশাবাদী বুলি কয় সভাপতি হলিৰাম তেৰাঙে ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনলৈ পৰিৱৰ্তন হলে বাংলাদেশীয়ে বহু পৰিত্যক্ত ভূমি থকা কাৰবি আংলঙত সহজতে থিতাপি লোৱাৰ সুবিধা কৰি লব বুলি কয়৷ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা 'কেব'ৰ নৱ সংশোধিত বিল খনত কি আছে এএছডিচিয়ে নাজানে বুলি কয় সেয়ে এই ক্ষেত্ৰত চৰকাৰে ষষ্ঠ অনুসূচীত এলেকাত এই বিধেয়খনৰ প্ৰভাৱ নপৰে বুলি কথাত এএছডিচি আশ্বস্ত হব পৰা নাই বুলি কয় নেতা হলিৰাম তেৰাঙে ৷ আনহাতে কাইলৈ গুৱাহাটীৰ দীঘলী পুথুৰীপাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদলতো এএছডিচিৰ সমৰ্থক সকলে অংশ গ্ৰহণ কৰিব বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷

৷৷৷ ছাইদুল ইছলাম, ডিফু ৷৷Body:**--*-*****Conclusion:******-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.