ETV Bharat / state

KAAC Election 2022: পুনৰ অনুষ্ঠিত হ’ব নেকি KAAC নিৰ্বাচন ! - কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

শুকুৰবাৰে ASDC দলৰ প্ৰচাৰ সচিব ডেনিয়েল টেৰণ আৰু সঞ্জয় কিলিঙে এক সংবাদমেল অনুষ্ঠিত কৰি সাংবিধানিকভাৱে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC Election 2022) পুনৰ হোৱাৰ কোনো সম্ভাৱনা নাই বুলি মন্তব্য কৰে ( ASDC oppose reholding of KAAC elections at Diphu) ৷

ASDC oppose reholding of KAAC elections at Diphu
পুনৰ অনুষ্ঠিত হ’ব নেকি KAAC নিৰ্বাচন !
author img

By

Published : Sep 9, 2022, 9:13 PM IST

ডিফু, ৯ ছেপ্টেম্বৰ: কাৰ্বি আংলঙৰ দুই আঞ্চলিক দল এ এছ ডি চি আৰু এ পি এইচ এল চি ৰ মাজত হোৱা তুমুল যুদ্ধ সম্প্ৰতি তুংগত উঠিছে ৷ তাৰ মাজতে শাসকীয় দল বিজেপি দল ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ সাজু হৈ উঠিছে ৷ এ পি এইচ এল চি দলৰ অধ্যক্ষ জন ইংতি কাথাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছত সেই নিৰ্বাচন অবৈধ ভোটাৰ তালিকাৰে হোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে এই নিৰ্বাচনক অবৈধ আখ্যা দিয়াৰ উপৰিও ত্ৰয়োদশ KAAC নিৰ্বাচনত (KAAC Election 2022) বিজেপিৰ বিৰুদ্ধে ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপনো কৰিছে এপিএইছএলচিৰ নেতা সকলে (APHLC alleged KAAC election illegal) ৷ ইয়াৰ লগতে পঞ্চায়তীৰাজ মতে অনুষ্ঠিত কৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অপৰিপন্থী বুলি মন্তব্য কৰি আহিছে এ পি এইচ এল চি দলে ৷

পুনৰ অনুষ্ঠিত হ’ব নেকি KAAC নিৰ্বাচন !

পুনৰ KAAC নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই আহিছে দলটোৰ অধ্যক্ষ জন ইংতি কাথাৰে (APHLC demands reholding of KAAC elections) ৷ আনকি বিভিন্ন ৰাজহুৱা সভাত তেওঁ অজনজাতিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি পুনৰ নিৰ্বাচন হ’ব বুলি কৈ আহিছে ৷

এই সন্দৰ্ভত শুকুৰবাৰে ASDC দলৰ প্ৰচাৰ সচিব ডেনিয়েল টেৰণ আৰু সঞ্জয় কিলিঙে এক সংবাদমেল অনুষ্ঠিত কৰি জন ইংতি কাথাৰে ৰাইজক ভুৱা কথা কৈ আহিছে বুলি মন্তব্য কৰে ৷ সাংবিধানিকভাৱে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পুনৰ হোৱাৰ কোনো সম্ভাৱনা নাই বুলি কৈ তেওঁলোকে কি কি কাৰণত পুনৰ নিৰ্বাচন হ’ব পাৰে তাৰো ব্যাখ্যা কৰে ( ASDC oppose reholding of KAAC elections) ।

লগতে পঢ়ক: হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.