ETV Bharat / state

স্বায়ত্ত ৰাজ্যৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ - no autonomous no rest

কাৰবি আংলং জিলাৰ জননায়ক প্ৰয়াত ছেমছনছিং ইংতি সোঁৱৰণি উদ্যাণৰ সন্মূখত এএছডিচি, কেএনচি আৰু কেএছএয়ে আয়োজন কৰা এক অৱস্থান ধৰ্ণা কাৰ্যসূচীত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে ৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধা অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ জৰিয়তে স্বায়ত্তৰাজ্য প্ৰদানৰ দাবীত আজি ডিফুত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ASDC,KNCA, KSA PROTEST ON AUTONOMUS STATE
স্বায়ত্ত ৰাজ্যৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 27, 2020, 10:41 PM IST

ডিফু, ২৭ নৱেম্বৰঃ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধা অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ জৰিয়তে স্বায়ত্তৰাজ্য প্ৰদানৰ দাবীত আজি ডিফুত সহস্ৰাধিক প্ৰতিবাদ কাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰবি আংলং জিলাৰ জননায়ক প্ৰয়াত ছেমছনছিং ইংতি সোঁৱৰণি উদ্যাণৰ সন্মূখত এএছডিচি, কেএনচি আৰু কেএছএয়ে আয়োজন কৰা অৱস্থান ধৰ্ণা কাৰ্যসূচীত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন আদি লৈ ন' অট'নমাছ ন' ৰেষ্ট, স্বায়ত্তৰাজ্য দাবী পূৰণ কৰক, কেএনএলএফৰে শান্তি চুক্তি সম্পন্ন কৰক, ইউপিডিএছৰে হোৱা এম.অ'.এচ ৰ সকলো অনুচ্ছেদৰ দফা ৰূপায়ণ কৰক আদি ধ্বনিৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷

ASDC,KNCA, KSA PROTEST ON AUTONOMUS STATE
স্বায়ত্তৰাজ্যৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ

এএছডিচিৰ সাধাৰণ সম্পাদক জতচন বে'য়ে সাংবাদিক সকলক সম্বোধন কৰি কয় যে, ১৯৫০ চনৰ পৰাই পাৰ্বত্য জনজাতি সকলে পাৰ্বত্য ৰাজ্যৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল যদিও চৰকাৰে শেহতীয়া ১৯৬৯ চনত পাৰ্বত্য জনজাতি সকলক পাৰ্বত্য ৰাজ্যৰ পৰিৱৰ্তে স্বায়ত্ত ৰাজ্য সৃষ্টি কৰিব বুলি সংবিধানত ২৪৪(ক) ত সন্নিবিষ্ট কৰে ৷ কিন্তু ৫০ বছৰ অতিক্ৰম কৰাৰ পিছতো সেই সোৱাদ পাৰ্বত্য জিলাৰ জনজাতি সকলে লবলৈ সক্ষম নহ'ল ৷ এই লৈ জিলাখনৰ জনসাধাৰণে কৰা সংগ্ৰামৰ প্ৰতিও সঁহাৰি নায় চৰকাৰৰ ৷ সেয়ে ভাৰত চৰকাৰৰ পৰা যি কোনো মূল্যৰ বিনিময়ত স্বায়ত্ত ৰাজ্য আদায় কৰিবলৈ চৰকাৰক বাধ্য কৰাব লাগিব ৷ ইয়াৰোপৰি চৰকাৰে সশস্ত্ৰ সংগঠন ইউপিডিএছৰ ৰাজ্য দাবীৰ আন্দোলনক ন্যায্যতা দি সংগঠনটোৰ সৈতে হৈ যোৱা MOS চুক্তিৰ প্ৰতিটো দফা শীঘ্ৰে ৰূপায়ণ কৰিব লাগে বুলি দাবী জনায় ৷ আনহাতে সশস্ত্ৰ সংগঠন কেএনএলএফক আলোচনাৰ নামত সূদীৰ্ঘ ১০ বছৰ ধৰি কেৱল বঞ্চনা কৰি আহিছে বুলি অভিযোগ কৰে নেতা গৰাকীয়ে ৷ সশস্ত্ৰ সংগ্ৰাম চলাই অহা কেএনএলফক আলোচনা নামত নিৰ্বাচনৰ বাবে বে-আইনী ভাৱে চৰকাৰে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে ৷ সশস্ত্ৰ সংগঠনৰ মূল বিষয় বিষয়বস্তুৰ পৰা বঞ্চিত কৰিলে ভৱিষ্যতলৈ ১০-ৰ পৰা ১০০ টা লৈ সশস্ত্ৰ সংগঠনৰ পুণৰ জন্ম হব পাৰে বুলি তেওঁ মন্তব্য কৰে ৷ অৱশ্যে এয়া এএছডিচি দলৰ নহয়, তেওঁৰ ব্যক্তিগত মন্তব্য বুলি উল্লেখ কৰে জৎছন বেই ৷

স্বায়ত্ত ৰাজ্যৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ

শেহত এএছডিচি, কেএনচিএ আৰু কেএছৰ শীৰ্ষ নেতৃবৰ্গৰ স্বাক্ষৰিত বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃবোকাজানত তিনিখনকৈ আঁচনিৰ আধাৰশীলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.