ETV Bharat / state

কাৰ্বি শান্তি চুক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এএছডিচি, কেএনচিএ আৰু কেএছএৰ - চুক্তি

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে অস্ত্ৰবিৰতিত থকা কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি কৰাৰ পিছতে বুধবাৰে ডিফুত আড়ম্বৰপূৰ্ণভাবে সংগঠন কেইটাক সম্বৰ্ধনা জনোৱা হয় ৷

PEACE ACCORD
কাৰ্বি শান্তি চুক্তি
author img

By

Published : Sep 8, 2021, 10:42 PM IST

ডিফু,৮ ছেপ্তেম্বৰ: অস্ত্ৰবিৰতিত থকা কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে শান্তি চুক্তি কৰাৰ পিছতে বুধবাৰে ডিফুত আড়ম্বৰপূৰ্ণভাবে সংগঠন কেইটাক সম্বৰ্ধনা জনোৱা হয় ৷ তাৰপাছতে ডিফুত এএছডিচি, কেএনচিএ আৰু কেএছএই এক যৌথ সংবাদমেলৰ আয়োজন কৰি চুক্তিটোৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

সংবাদমেলত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, চুক্তিখনৰ কেতবোৰ দফাৰ প্ৰতি সমৰ্থন আছে যদিও আন কেতবোৰক দিশত এএছডিচি, কেএনচিএ আৰৱ কেএছএৰ মত পাৰ্থক্য আছে ৷

সশস্ত্ৰপন্থা ত্যাগ কৰি মূলসূঁতিলৈ ওভতি আহি জিলাখনত শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে সংগঠন সমূহক আদৰণি জনায় যদিও ষাঠিৰ দশকৰ পৰাই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বাবে থকা ২৪৪ (ক)ৰ অধীনত অসমক বিভাজন নকৰাকৈ এখন স্বায়ত্তৰাজ্যৰ দাবীত চলাই অহা আন্দোলনক কংগ্ৰেছ আৰু বিজেপিৰ কোনোৱে গুৰুত্ব প্ৰদান নকৰিলে ৷

এইলৈ দুয়োটা দলে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ বাস্তৱায়িত নহ'ল ৷ এই চুক্তিৰ জৰিয়তে কাৰ্বি আংলংবাসীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ খৰ্ব কৰিলে বুলি অভিযোগ কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷ চুক্তিখনত পৰিষদৰ বৰ্ধিত ১০ খন আসন মুকলি বাবে সংৰক্ষিত নাৰাখি সকলো আসনেই জনজাতি সকলৰ বাবে সংৰক্ষিত ৰখা উচিত আছিল বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : বৃহস্পতিবাৰে নিমাতীঘাটলৈ যাব মুখ্যমন্ত্ৰী; বুজ ল’ব পৰিস্থিতিৰ

অজনজাতি সকলে তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ কেৱল মনোনীত কৰি নিৰ্বাচিত কৰি অনাই যথেষ্ঠ আছিল বুলি মন্তব্য কৰে৷ আনহাতে চুক্তিখনৰ ব্যৱস্থা অনুসৰি আমোলাসকলক অধিক ক্ষমতা দিয়া হৈছে বুলি কয় ৷

নতুন ব্যৱস্থা অনুসৰি পাৰ্বত্য এলেকা উন্নয়ন বিভাগ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰী সমিতিৰ সিদ্ধান্ত সমূহ ৰাজ্য চৰকাৰৰ এখন সমিতিৰ নিয়ন্ত্ৰণত কাৰ্যকৰী কৰা হ’ব বুলি মত প্ৰকাশ কৰি ইয়াৰ জৰিয়তে পাৰ্বত্য এলেকা উন্নয়ন বিভাগক ক্ষমতাহীন কৰি তোলা বুলি সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

আনহাতে ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰীক্ষাৰ বাধ্যতামূলক আধুনিক ভাষা বিষয়টো নোহোৱা কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ কাৰ্যকৰী হ’লে পৰীক্ষাৰ্থী সকলৰ নম্বৰৰ পৰিমান হ্ৰাস পোৱাৰ ফলত এলেকাটোৰ প্ৰাৰ্থী সকল ক্ষতিগ্ৰস্ত হ’ব বুলি সভাপতি গৰাকীয়ে আশংকা প্ৰকাশ কৰে ৷

পূৰ্বে স্বাক্ষৰিত জিলাখনৰ চুক্তি সমূহত থকা বহু বিষয় আজিলৈকে কাৰ্যকৰী নহ’ল বুলি মন্তব্য কৰি শেহতীয়াকৈ স্বাক্ষৰিত হোৱা চুক্তিখনত পূৰ্বৰ বহু বিষয় পুনৰায় সন্নৱিষ্ট কৰা হৈছে বুলি কয় ৷ আজিৰ সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজয় ইংতি কাথাৰ, কেএনচিএৰ সভানেত্ৰী মেৰিণা বে'পী আৰু এএছডিচিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুনিল টকবীও উপস্থিত থাকে ৷

লগতে পঢ়কঃ লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.