ডিফু, ৩০ অক্টোবৰ: চৰকাৰৰ কল্যাণকামী আঁচনি সুহৃদৰ অধীনত শুক্ৰবাৰে বােকাজানত ৭৩৯ গৰাকী হিতাধিকাৰীৰ চেক বিতৰণ কৰা হয়। সৰিয়হজানৰ হানজাংলাংছ প্রেক্ষাগৃহত আয়ােজিত এক অনুষ্ঠানত ৪৭৭ গৰাকী ছাত্র-ছাত্রীৰ মাজত ২৬,৭৮,০০০ টকাৰ চেক বিতৰণ কৰা হয়।
![বােকাজানত সুহৃদ আঁচনিৰ অধীনত ৭৩৯ জনক চেক বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu30102020mladrnumalmomindistributechecqueundersuhridscheemeatbokajan_30102020164057_3010f_1604056257_461.jpg)
আনহাতে, ২৬২ ৰোগীৰ চিকিৎসা ব্যয়ৰ নামত ২৩,২০,০০০ টকাৰ চেক বিতৰণ কৰে। ইয়াকে লৈ শুক্ৰবাৰৰ দিনটোত আঁচনিখনৰ অধীনত মুঠ ৪৯,৯৮,০০০ টকাৰ চেক বিতৰণ কৰা হয়। চেক বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক ডঃ নোমল মমিন।
![বােকাজানত সুহৃদ আঁচনিৰ অধীনত ৭৩৯ জনক চেক বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu30102020mladrnumalmomindistributechecqueundersuhridscheemeatbokajan_30102020164057_3010f_1604056257_699.jpg)
বিধায়কগৰাকীয়ে চৰকাৰৰ জনকল্যাণমূলক আঁচনি সন্দর্ভত বক্তব্য আগবঢ়ায়। লগতে সুহৃদ আঁচনিয়ে পিছপৰা অঞ্চলটোৰ ভালেসংখ্যক লােকক যথেষ্ট সকাহ দিবলৈ সক্ষম হ'ব বুলি আশা প্রকাশ কৰে।
লগতে পঢ়ক:ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা