ডিফু, ১৩ মাৰ্চঃ ডিফু চহৰৰ পৰা আজি স্থানীয় ৰাইজৰ সহযোগত আটক কৰা হয় এজন অভিযুক্ত চোৰ ৷ অভিযোগ অনুসৰি ডিফু চহৰৰ ৭ নং ৱাৰ্ডৰ ৰংকাংথুইৰ মুন্না মাৰ নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ তলা ভাঙি ঘৰৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰে আটকাধীন লোকজনে ৷ তেনে সময়তে গৃহস্থৰ লোক আহি হাতে লোটে চোৰজনক ধৰা পেলাই স্থানীয় লোকৰ সহযোগত ডিফু আৰক্ষী থানাত চমজাই দিয়ে ৷ ধৃত চোৰজন হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ চৌধুৰী বজাৰৰ আমিৰ উদ্দিন আহমেদ (২৮) বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, 12 মাৰ্চত ডিফু চহৰৰ নিবাসী হিমাংশু বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ লোকজন চিকিৎসাৰ বাবে নগাঁৱলৈ যোৱাৰ সময়তে ঘৰৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰি গহনাকে ধৰি চোৰ কৰি নিছিল বিভিন্ন যন্ত্ৰ ৷ আজি আৰক্ষীৰ জালত পৰা ধৃত চোৰটোৰ লগত কঁকালৰ বেল্ট আৰু গাড়ীৰ কোনো যন্ত্ৰ হিমাংশু বৰাৰ বুলি নিশ্চিত কৰা হৈছে ৷ তথ্য অনুসৰি ধৃত চোৰজনে ঘৰে ঘৰে মাছ বিক্ৰি আৰু ৰন্ধন গেছ, চৌকা মেৰামতিৰ চলেৰে চুৰিৰ লক্ষ্য সন্ধান কৰি ফুৰে ৷ এই সন্দৰ্ভত ডিফু থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বৰপেটাত এক্সিচ বেংক একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ৫০ হেজাৰ টকা