ETV Bharat / state

বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা : বিজেপি, এপিএইছএলচিৰ সংঘাত তুংগত

author img

By

Published : Feb 19, 2022, 7:35 AM IST

কাৰ্বি আংলঙত বিজেপি আৰু এপিএইছএলচিৰ সংঘাত তুংগত ৷ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা (APHLC president compares BJP workers with monkey) কৰাৰ অভিযোগ জেআই কাথাৰৰ পুত্তলিকা দাহ বিজেপিৰ জনজাতিৰ মৰ্চাৰ সম্পাদক লংচিং টকবীৰ ৷

aphlc-president-compares-bjp-workers-with-monkey
বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা : বিজেপি, এপিএইছএলচিৰ সংঘাত তুংগত

ডিফু, ১৭ ফেব্ৰুৱাৰী : পাহাৰীয়া জিলা কাৰ্বি আংলঙত সম্প্ৰতি শাসকীয় বিজেপি দল আৰু বিৰোধী ৰাজনৈতিক দলৰ মাজত সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (Clash of political parties in Karbi Anglang) ৷ জিলাখনত শাসকীয় দল বনাম বিৰোধীৰ বাক যুদ্ধই এতিয়া চৰম ৰূপ ধাৰণ কৰিছে ৷ শুকুৰবাৰে বিজেপিৰ কাৰ্বি আংলঙৰ জনজাতি মৰ্চাই অল পাৰ্টী হিলছ লীডাৰ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰৰ পুত্তলিকা ডিফু চহৰৰ মাজত দাহ কৰাৰ লগতে ডিফু চহৰৰ মাজেৰে সমদল কৰি গৈ ডিফু থানাত জে আই কাথাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (BJP burnt effigy of APHLC president JI Kathar) ৷

ইয়াৰ পূৰ্বে, বিজেপিৰ জনজাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক লংচিং টকবিয়ে জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি জে আই কাথাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে ৷ জেআই কাথাৰে কালি এক সংবাদমেলৰ আয়োজন কৰি শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা (APHLC president compares BJP workers with monkey) কৰাৰ অভিযোগ তুলি বিজেপিৰ জনজাতিৰ মৰ্চাৰ সম্পাদক লংচিং টকবী(BJP's Tribal Morcha Secretary Longsing Tokbi)য়ে এনে মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷

এনে মন্তব্যৰে এপিএইছএলচিৰ নেতা গৰাকীয়ে পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি সকলক অপমানিত কৰাৰ লগতে ভোটাৰ ৰাইজকো অপমানিত কৰিলে বুলিও মন্তব্য কৰে তেওঁ ৷ ইয়াৰোপৰি জন ইংতি কাথাৰক সমাজ জীৱনলৈ অৱদান কিমান বুলিও প্ৰশ্ন কৰেলংচং টকবীয়ে ৷ ইফালে, কাথাৰৰ তিনিগৰাকীকৈ পুত্ৰৰ ভিতৰত মাত্ৰ এজনেহে কাৰ্বি ভাষা কোৱাত সক্ষম বুলিও ক্ষোভ উজাৰে তেওঁ ৷

সংবাদমেলৰ পিছত পুত্তলিকা দাহ কাৰ্যসূচীত বিজেপিৰ জনজাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক লংচং টকবীয়ে কয় যে, কাথাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত পৰৱৰ্তী কাৰ্যসূচী হিচাপে তেওঁৰ আৱাস গৃহ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক : Majuli by poll : প্ৰাৰ্থী তিনি হ'লেও যুঁজ হ’ব দুজনৰ মাজতহে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.