ETV Bharat / state

কাৰ্বি শান্তি চুক্তি সন্দৰ্ভত এপিএইছএলচি আৰু এএছডিচিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 4, 2021, 9:26 PM IST

এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি কয় যে, কাৰ্বি বিদ্ৰোহী সংগঠনৰ প্ৰস্তাৱিত শান্তি চুক্তিত জিলাখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত ২৪৪(ক)ৰ দাবী উল্লেখ থাকিবই লাগিব ৷

aphlc-and-asdc-joint-press-meet
কাৰ্বি শান্তি চুক্তিক লৈ এপিএইছএলচি আৰু এএছডিচিৰ প্ৰতিক্ৰিয়া

ডিফু, 4 জুন : কাৰ্বি আংলং দুই বিৰোধী ৰাজনৈতিতিক দল এপিএইছএলচি আৰু এএছডিচিয়ে কাৰ্বি বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ শান্তি চুক্তিক লৈ সৰৱ হৈ পৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি বিদ্ৰোহী সংগঠন সমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ সময়ৰ সন্দৰ্ভত ইংগিত দিয়াৰ লগে লগে কাৰ্বি আংলং জিলাৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচি আৰু এএছডি চিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বৃহস্পতিবাৰে এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি কয় যে, কাৰ্বি বিদ্ৰোহী সংগঠনৰ প্ৰস্তাৱিত শান্তি চুক্তিত জিলাখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত ২৪৪(ক)ৰ দাবী উল্লেখ থাকিবই লাগিব ৷ অন্যথা এই চুক্তি সহ্য কৰা নহ’ব ৷ পূৰ্বেও বহুবাৰ চুক্তি হৈছে যদিও প্ৰতিবাৰ ষষ্ঠ অনুসূচীত জাতিৰ সংবিধান প্ৰদত্ত দাবী ২৪৪(ক)ক এলাগী কৰি ষষ্ঠ অনুসূচীক দুৰ্বল কৰাৰ বাবে চৰকাৰে প্ৰয়াস কৰি আহিছে ৷ প্ৰস্তাৱিত শান্তি চুক্তিত জিলাখনৰ আশা-আকাংখা প্ৰতিফলিত হ’ব লাগিব অন্যথা উক্ত শান্তি চুক্তিৰ জৰিয়তে পাৰ্বত্য জিলা দুখনত শান্তি স্থাপনৰ বিপৰীতে অধিক অশান্তিৰহে সৃষ্টি হ’ব ৷ শান্তি চুক্তিৰ জৰিয়তে স্বায়ত্বশাসন প্ৰসংগ অপ্ৰাসংগিক হ’লে তেনে চুক্তি কোনো পধ্যেই গ্ৰহণযোগ্য নহ’ব বুলি মন্তব্য কৰে দুয়োটা আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃবৰ্গই ৷

চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিখনত ২৪৪(ক)ৰ কথা উল্লেখ নাথাকিলে তেনে চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকিবলৈ কাৰ্বি বিদ্ৰোহী সংগঠন সমূহলৈ আহ্বান জনায় আঞ্চলিক ৰাজনৈতিক দল দুটাই ৷ আনহাতে জিলাখনত অলপতে অনুষ্ঠিত হৈ যোৱা টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে ৷ তেওঁ কয় যে, মেধাৰ ভিত্তিত অনুষ্ঠিত কৰা বিশেষ টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ ২১০ নম্বৰ লাভ কৰাৰ বিপৰীতে ১৬০ নম্বৰ পোৱা প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে ৷ নিযুক্তি লাভ কৰা ৮১ পদৰ বিপৰীতে ২৪ গৰাকী টেট উত্তীৰ্ণ নহয় ৷ নিযুক্তি লাভ কৰা আটাকেইটা পদ পাৰ্বত্য জনজাতিক নিযুক্তি দিব লাগে বুলি কয় তেওঁ ৷

আনহাতে চুমিলা ৰংহাঙপীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত পৰিয়ালৰ লোকে গোচৰটোৰ বাবে নিয়োগ কৰা এজনীয়া তদন্ত কমিটিত বহু আবেদন কৰিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে সুৰক্ষা নোপোৱাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াকলৈ সন্দেহ প্ৰকাশ কৰিছে আংতং ইংতিয়ে ৷ উক্ত গোচৰৰ দুজন সাক্ষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ আৰু জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে মৃত্যুৰ পূৰ্বে চুমিলা ৰংহাঙপী অন্তঃসত্বা নাছিল বুলি সংবাদ মেলত ব্যক্ত কৰাৰ কথাতো অসন্তুষ্টি প্ৰকাশ কৰে আঞ্চলিক দুল দুটাৰ নেতৃবৰ্গই ৷ সেয়ে সমগ্ৰ বিষয়টোৰ চিবিআই তদন্ত দাবী কৰিছে আজিৰ সংবাদমেলত উপস্থিত থকা এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতি আৰু এএছডিচিৰ যুৱ সমিতিৰ সভাপতি প্ৰমোচন বে'ই ৷

লগতে পঢ়কঃ ঠিকনা সলনি হ’ব সৰ্বানন্দ সোণোৱালৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.