ETV Bharat / state

UPRF কেডাৰৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা - জাওলিয়ান

নিৰাপত্তাৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ (UPRF) দুই সন্দেহযুক্ত সশস্ত্ৰ কেডাৰ নিহত হোৱা ঘটনাৰ বাবে জিলা দণ্ডাধীশে (MEGISTRATE) দণ্ডাধীশ পৰ্যাৰ তদন্ত ঘোষণা কৰিছে ৷

megistrate enquary
UPRF কেডাৰৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
author img

By

Published : Jul 16, 2021, 7:28 PM IST

ডিফু, 16 জুলাই : যোৱা ২০ জুনত কাৰ্বি আংলং জিলাৰ (KARBIANGLANG) মাঞ্জা থানাৰ অন্তৰ্গত জাওলিয়ানত নিৰাপত্তাৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ (UPRF) দুই সন্দেহযুক্ত সশস্ত্ৰ কেডাৰ নিহত হোৱা ঘটনাৰ বাবে জিলা দণ্ডাধীশে দণ্ডাধীশ পৰ্যাৰ তদন্ত ঘোষণা কৰিছে ৷ জিলা দণ্ডাধীশৰ তৰফৰ পৰা কেএমজে, ৩৮৩/এনএইছআৰচি /ইউপিআৰএফ ৪ ,ডিটিডি/৩০-০৭/৭০২১ নম্বৰ নিৰ্দেশযোগে অহা, ২১ জুলাই আৰু ২২ জুলাইত উক্ত ঘটনা সৰ্ন্দৰভত ৰাজহুৱা শুনানি গ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে ৷

UPRF কেডাৰৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
megistrate enquary

সেয়েহে উক্ত দুয়োটা দিনতে দিনৰ ১০-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এই সন্দৰ্ভত মন্তব্য বিচৰা পক্ষক অতিৰিক্ত জিলা দণ্ডাধীশ (MEGISTRATE) অমৃত প্ৰভা দাসৰ কাৰ্যালয়ত উপস্থিত হৈ মৌখিক, লিখিত অথবা স্মাৰক পত্ৰযোগে সাক্ষ্যদান কৰাৰ বাবে ৰাজহুৱা জাননী জাৰী কৰা হৈছে ৷ উল্লেখযোগ্য যে, যোৱা ২০ জুনত সিংহাসন পাহাৰৰ জাওলিয়ানত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুই ইউপিআৰএফ কেডাৰ ক্ৰমে, ডিলাই থানা অন্তৰ্গত চাংপিজাল গাঁও নিৱাসী হাওমিনলেন চিথৌ ওৰফে মেক্সি ওৰফে উইলিয়াম আৰু মলনম নিৱাসী হাওখলাল হাওকিপ নামৰ দুগৰাকী কেডাৰ নিহত হোৱাৰ লগতে মৰণাস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷

আনহাতে, যোৱা ২২ জানুৱাৰীত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ( SDPO) জন দাসৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয় জিতুমনি ডেকা আৰু মৌবলিক ব্ৰহ্মৰ লগতে ২০ বিএন চিআৰপিএফ (CRPF) আৰু বেটেলিয়নে যৌথ অভিযান চলাই মাঞ্জা থানা এলেকাৰ পি-তাইজল নামৰ এলেকাৰ পৰা ইউপিআৰএফৰ তিনি দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ তিনিটাক আটক কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, দলীয় সংঘৰ্ষত নিহত হৈছিল স্বয়ম্ভূ কামাণ্ডাৰ বীৰাপ্পানৰ ৷

লগতে পঢ়কঃ অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.