ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উপস্থিত আমছুৰ প্ৰতিনিধি দল - AMSU delegates visit

আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাংগঠনিক সম্পাদকৰ নেতৃত্বত এটা সঁজাতি দলৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উচ্ছেদ চলিব লগা অঞ্চল পৰিদৰ্শন কৰে (AMSU delegates visit the sites to be evicted) ৷ সেই স্থানত উপস্থিত হৈ অঞ্চলটোৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷

লাহৰিজানত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ

author img

By

Published : Dec 17, 2021, 4:10 PM IST

ডিফু ,17 ডিচেম্বৰ : অবৈধ ভূমি দখলৰ বিৰুদ্ধে অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে অভিযান(Campaign against illegal land grabbing)৷ ইফালে অভিযানৰ অংশ হিচাপে অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানতো অবৈধ ভূমি বেদখলৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসন সোচ্ছাৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

ইতিমধ্যে অঞ্চলটোত বাস কৰি থকা লোকসকলৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে জাননী জাৰী কৰিছে ৷ জাননী অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানৰ ডুডু ক'লনিৰ এটা বৃহৎ অঞ্চলত প্ৰশাসনে শীঘ্ৰেই চলাব উচ্ছেদ অভিযান ।

লাহৰিজানত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ

প্ৰশাসনৰ দ্বাৰা হ’বলগা এই উচ্ছেদক কেন্দ্ৰ কৰি বুধবাৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু সাংগঠনিক সম্পাদক ইমতিয়াজ আলীৰ নেতৃত্বত এটা সঁজাতি দলে পৰিদৰ্শন কৰে উচ্ছেদ চলিব লগা অঞ্চলসমূহ । আমছুৰ কেন্দ্ৰীয় সমিতিৰ এই সঁজাতি দলটোক সংগ দিয়ে কাৰ্বি আংলং জিলা আমছুৰ সভাপতি মাজিদ খানৰ লগতে সংগঠনৰ নেতৃবৰ্গ আৰু গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক বাবুল আলি হাজৰিকাই । অঞ্চলটোত উপস্থিত হৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি দলটোৱে ডুডু ক'লনিৰ বাসিন্দাসকলৰ সৈতে উক্ত বিষয় সন্দৰ্ভত মত বিনিময় কৰে ।

লগতে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে(AAMSU president Rejaul Karim Sarkar at lahorijan)ডুডু ক'লনিৰ উক্ত ভূমি অবৈধ দখলীকৃত ভূমি বুলি প্ৰমাণিত হ'লেহে চৰকাৰে সেই স্থানত উচ্ছেদ অভিযান চলাব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰে । লগতে চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক শীতকালৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সময়ছোৱাত এই উচ্ছেদ অভিযান নচলাবলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : শুই থাকোতেই জীৱন্তে অগ্নিদগ্ধ দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.