কাৰ্বি আংলং, ২৭ মে’: কাৰ্বি আংলং বিজেপিত চলিছে শনি দশা ৷ বুধবাৰে নিশা চাকৰি দিয়াৰ নামত কেইবাকোটি টকা সংগ্ৰহ কৰা বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপীক ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (BJP leader arrested for extorting money) ৷ বৃহস্পতিবাৰে আন এগৰাকী বিজেপি নেতা তথা ফৰেষ্ট বৰ্ডৰ অধ্যক্ষ ছাৰ্ফে ক্ৰামছা আৰু তেওঁৰ ৰেঞ্জাৰ ভাতৃ হাৰছিং ক্ৰামছাৰ বিৰুদ্ধে উত্থাপিত হয় প্ৰতিখন বালিৰ ট্ৰাকৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ ৷ বালিৰ মহলদাৰ বিৰমল ইংলেঙে খেৰণি থানাত ৫৭/২০২৩ নম্বৰত ধন দাবীৰ গোচৰ ৰুজু কৰিছে ৰেঞ্জাৰ হাৰছিং ক্ৰমছা আৰু তেওঁৰ হৈ ধন সংগ্ৰহ কৰা নয়ন নায়কৰ বিৰুদ্ধে (Case registered against BJP leader and ranger) ৷
মহলদাৰ ইংলেঙে বৃহস্পতিবাৰে সন্ধিয়া ডিফুৰ জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কয়, "ফৰেষ্ট বৰ্ডৰ অধ্যক্ষ ছাৰ্ফে ক্ৰামছাৰ বাবে প্ৰতিখন বালিৰ ট্ৰাকৰ পৰা ২০০ টকাকৈ আৰু ৰেঞ্জৰৰ বাবে ৩০০ টকাকৈ সংগ্ৰহ কৰে নয়ন নায়কে ৷ ইউ পি আইৰ জৰিয়তে দাবী কৰা ৩৮,৭০০ টকা দিয়াৰ প্ৰমাণো তেওঁ সংবাদমেলত দাখিল কৰে ৷ তেওঁ নগদ ৪ লাখ টকাও দিয়া বুলি কয় ৷ লগতে ধন দাবী কৰা টেলিফোনিক বাৰ্তালাপো দিয়ে সাংবাদিকসকলক (Alligation against BJP leader and ranger brother) ৷
ইফালে এই সন্দৰ্ভত ছাৰ্ফে ক্ৰামছাক টেলিফোনত যোগাযোগ কৰাত তেওঁ এয়া ভুৱা অভিযোগ বুলি কয় ৷ উল্লেখ্য যে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অতি অপৰিকল্পিতভাৱে নদীৰ বুকুুত বালি খনন চলি আছে ৷ লগতে নিৰ্ধাৰিত পৰিমাণৰ বিপৰীতে আৰক্ষী, বন বিভাগ, পৰিবহন বিভাগ সকলোকে মেনেজ কৰি অধিক বোজাই দি বালি সৰবৰাহ চলি আছে ৷ যাৰফলত সোনকালে পথসমূহ বেয়া হয় ৷ এই সন্দৰ্ভত পূৰ্বে বিস্তৃত প্ৰতিবেদন প্ৰকাশ হৈছে ৷ এতিয়া বালি মহলদাৰৰ এই অভিযোগে বালিৰ নামত পাহাৰত চলি থকা লুন্ঠনৰ চিত্ৰখন স্পষ্ট কৰিলে ৷
উল্লেখ্য যে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অবাধ গতিত বনাঞ্চল ধ্বংস কৰিছে এচাম বিত্তবান লোকে ৷ ৰবৰৰ বাগিচা, বিবিধ ফলৰ বাগিচা, ডায়েৰি পাম আদি খুলিবলৈ বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল, সংৰক্ষিত বনাঞ্চলৰ মাটি অবাধ গতিত দখল হৈছে ৷ যাৰ পৰিণামত যোৱা মাহত লংনিট নদীৰ পানী শুকাই যোৱাৰ ফলত ডিফুত পানীৰ বাবে একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
৫ জুনত গছপুলি ৰোপণ কৰি ছ’চিয়েল মিডিয়াত ফটো দিয়া বন বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহো কিন্তু বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে যিদৰে তৎপৰ হ’ব লাগে সেয়া পৰিলক্ষিত হোৱা নাই ৷ বালিৰ মহলদাৰৰ অভিযোগে কি ৰূপ লয় সেয়া হ’ব লক্ষণীয় ৷ জানিব পৰা অনুসৰি বালিৰ মহলদাৰৰ বিৰুদ্ধেও ৰেঞ্জাৰ হাৰছিং ক্ৰামছাই আন এক গোচৰ দিছে খেৰণি থানাত ৷