ডিফু, 12 ডিচেম্বৰ : কাৰ্বি আংলঙৰ নগাঁও সীমান্তৱৰ্তী এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে কৰ্তব্যত ফাঁকিৰ অভিযোগ তুলিছে (Allegations of dereliction of duty against head master) বিদ্যালয়খনৰ অভিভাৱকৰ লগতে একাংশ স্থানীয় লোকে ৷ অভিযোগ অনুসৰি, প্ৰত্যেক দিনে বিদ্যালয়ত উপস্থিত নাথাকে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৰংটাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক খগেন ইংতি(Headmaster of Rongtara ME School) ৷
বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণে ছাত্ৰ-ছাত্ৰী আছে যদিও বিদ্যালয়খনৰ শৈক্ষক দিশটোক লৈ কোনো গুৰুত্ব নাই প্ৰধান শিক্ষক গৰাকীৰ ৷ প্ৰধান শিক্ষক গৰাকী অনুপস্থিতিৰ বাবে বিদ্যালয়খনৰ শৈক্ষক কাৰ্যসূচী তথা পাঠদান কাৰ্যসূচী অনিয়মীয়া হোৱাৰ অভিযোগ তুলিঠে শিক্ষাৰ্থী অভিভাৱকৰ লগতে স্থানীয় লোকে ৷ ফলত, আনুষ্ঠানিক পাঠ্যপুথি শিক্ষাৰ পৰা বিদ্যালয়খনৰ শিক্ষাৰ্থী সকল পিছ পৰি ৰৈছে ৷
এনে পৰিপেক্ষিতত বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰী অন্য বিদ্যালয়ত নামভৰ্তি কৰাৰ লগতে আন একাংশ অভিভাৱে ব্যক্তিগতখণ্ডৰ বিদ্যালয় নামভৰ্তি কৰি দিছে ৷
উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ওপৰি বিদ্যালয় পৰিচালনা সমিতিক স্থানীয় ৰাইজে অভিযোগ দাখিল কৰিছে যদিও আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ গতিকে শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক: Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন