ETV Bharat / state

কাৰ্বি শান্তি চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এজেৱাইচিপিৰ - বোকাজান মহকুমাৰ মহকুমাধিপতি

কাৰ্বি বিদ্ৰোহী সংগঠন আৰু চৰকাৰৰ মাজত হ'বলগীয়া শান্তি চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এজেৱাইচিপি (AJYCP)ৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৷ বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এই পত্ৰ ৷

ajycp-sent-memorendum-to-cm-on-karbi-peace-accord
কাৰ্বি শান্তি চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এজেৱাইচিপিৰ
author img

By

Published : Jun 12, 2021, 1:53 PM IST

ডিফু, 12 জুন : কাৰ্বি বিদ্ৰোহী সংগঠন আৰু চৰকাৰৰ মাজত হ'বলগীয়া শান্তি চুক্তি সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ এই বিষয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপি (AJYCP)য়ে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷

কাৰ্বি শান্তিচুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ এজেৱাইচিপিৰ

এজেৱাইচিপি (AJYCP)ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে, জিতু ফুকন আৰু জিণ্টু হাজৰিকা স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ থকা অনুসৰি দুয়োগৰাকী নেতাই প্ৰস্তাৱিত শান্তি চুক্তিখনক আদৰণি জনাই পাহাৰীয়া জিলাখনৰ উন্নয়নত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, প্ৰস্তাৱিত শান্তি চুক্তিখনৰ জৰিয়তে জিলাখনত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠী, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবী উল্লেখ কৰা হৈছে ৷ ইয়াৰ লগতে ভূমিৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰ যাতে পূৰ্বৰ দৰে অক্ষুণ্ণ থাকে, তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই এজেৱাইচিপি (AJYCP)ৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৷

লগতে পঢ়ক: ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.