ETV Bharat / state

ডিফুত বিশেষভাৱে সক্ষম লোকক বিভিন্ন সামগ্ৰী প্ৰদান

author img

By

Published : Oct 8, 2021, 12:14 PM IST

ডিফুত বিশেষভাৱে সক্ষম লোকক বিভিন্ন সামগ্ৰী প্ৰদান ৷ ডিফুস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয় চৌহদত আয়োজন কৰা এক আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷ 22 গৰাকী বিশেষভাৱে সক্ষম লোকৰ মাজত হুইল চেয়াৰ, হিয়াৰিঙ এইড আৰু আৰ্মছ ছাপৰ্টাৰ আদি সামগ্ৰী বিতৰণ ৷

aids and appliances distributed among differently able people in diphu
ডিফুত বিশেষভাৱে সক্ষম লোকক বিভিন্ন সামগ্ৰী প্ৰদান

ডিফু , 8 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ২০ দিনীয়া কাৰ্যসূচী লৈ আৰম্ভ কৰা সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে বৃহস্পতিবাৰে ডিফুত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা হয় ৷ ডিফুস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয় চৌহদত কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণৰ পৌৰহিত্যত আয়োজন কৰা এক আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷

aids and appliances distributed among differently able people in diphu
হুইল চেয়াৰ, হিয়াৰিঙ এইড আৰু আৰ্মছ ছাপৰ্টাৰ আদি সামগ্ৰী বিতৰণ

মুঠ 22 গৰাকী বিশেষভাৱে সক্ষম লোকৰ মাজত হুইল চেয়াৰ, হিয়াৰিঙ এইড আৰু আৰ্মছ ছাপৰ্টাৰৰ দৰে সামগ্ৰী বিতৰণ কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থকা পূৱ-কাৰ্বি জিলা বিজেপিৰ প্ৰভাৰী বিজয় গুপ্তাই বৃহস্পতিবাৰৰ কাৰ্যসূচী মাথো এক আৰম্ভণিহে বুলিহে মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "সেৱাহী মূল মন্ত্ৰ"ৰ অংশস্বৰূপে প্ৰতিখন জিলা আৰু কাৰ্বি আংলং জিলাৰ প্ৰতিটো মণ্ডলত দিব্যাংগ সকললৈ এনে সামগ্ৰী বিতৰণ কৰা হ'ব বুলি গুপ্তাই জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে ৰাইজৰ সেৱাৰ বাবে জিলা বিজেপিৰ প্ৰতিটো যুৱ মৰ্চা, মহিলা মৰ্চাক সক্ৰিয় কৰি তোলা হ'ব বুলিও অৱগত কৰে ৷

22 গৰাকী বিশেষভাৱে সক্ষম লোকৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ

বৃহস্পতিবাৰৰ আনুষ্ঠানিক বিতৰণী অনুষ্ঠানত বিজেপিৰ নেশ্যনেল কাউঞ্চিলৰ লংকি ফাংচ', জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, সাধাৰণ সম্পাদক ছাৰচিং ফাংচ', সম্পাদক মধুৰাম লেকথে , কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনিত সদস্য অজিত দে প্ৰমুখ্য কৰি বিজেপিৰ কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : মৰিগাঁৱত আৰক্ষীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.