ডিফু, ১২ ফেব্ৰুৱাৰী : চাহ শ্ৰমিক সকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান, উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ প্ৰদানকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে বোকাজানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
এই উপলক্ষে কাৰ্বি-আংলং জিলাৰ অমৰাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বীৰ বীৰছা মুণ্ডা ক্ষেত্ৰৰ পৰা বোকাজান মহকুমাধিপতি কাৰ্যালয়লৈ এক বিশাল সমদল উলিওৱা হয়। সমদলত জিলাখনৰ বিভিন্ন সংগঠনটোৰ আঞ্চলিক সমিতিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰি আদিবাসীসকলৰ পৰম্পৰাগত বাদ্য বজাই হাতে হাতে প্লে'কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সব্যস্ত কৰে ৷
লগতে আছা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰক, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰক, জনজাতিকৰণ আমাৰ নৈতিক দাবী, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ, আদিবাসীক উপগ্ৰহীয় স্বায়ত্ব পৰিষদ প্ৰদান কৰক আদি শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে ৰাজপথ উত্তাল কৰি তোলে ৷ সংগঠনটোৱে বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আদিবাসীসকলৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
উল্লখ্যে যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰে আদিবাসীসকলৰ উক্ত দাবীসমূহ পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ'লে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক: অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ