ETV Bharat / state

নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ কাৰ্বি আংলঙৰ অতিৰিক্ত উপায়ুক্তৰ ! - লক্ ডাউন শিথিল

তৃতীয় পৰ্যায়ৰ লক্ ডাউনত কিছু শিথিলতা প্ৰদানৰ পিচতে, সোমবাৰে ডিফু চহৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে অতিৰিক্ত উপায়ুক্ত ৰাজেশন তেৰাঙে ।

adc rajeshan terang suddenly visited diphu town

author img

By

Published : May 11, 2020, 5:49 PM IST

ডিফু, 11 মে': পাহাৰীয়া জিলা কাৰ্বি আংলঙক গ্ৰীণ জ'ন হিচাপে ঘোষণা কৰি তৃতীয় পৰ্যায়ৰ লক্ ডাউনত কিছু শিথিলতা প্ৰদানৰ পিচতে, ডিফু চহৰৰ দোকান-পোহাৰ খোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল । উক্ত নীতি-নিৰ্দেশনাসমূহ চহৰখনৰ ব্যৱসায়ী সকলে সুচাৰুৰূপে পালন কৰিছেনে নাই তাৰ উমান ল'বলৈ আজি কাৰ্বি আংলং প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত ৰাজেশন তেৰাঙে আকস্মিক পৰিদৰ্শন কৰে ডিফু চহৰ ।

ডিফু চহৰ আকস্মিক পৰিদৰ্শন অতিৰিক্ত উপায়ুক্তৰ

পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে লক্ ডাউন শিথিলৰ নীতি-নিৰ্দেশনা উলংঘনকাৰী ব্যৱসায়ী সকলক সতৰ্ক কৰি দিয়াৰ লগতে, হোটেল সমূহত গ্ৰাহকে ভিৰ নকৰি যাতে সামগ্ৰী ক্ৰয় কৰিয়েই লৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰোপৰি নিয়ম উলংঘাকাৰী কেইখনমান দোকান বন্ধ কৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে । অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সৈতে পৰিদৰ্শনৰ সময়ত উপস্থিত আছিল, ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাওকাম চাংচাঙ ।

লগতে পঢ়কঃ কেন্দ্ৰই পথ, আকাশমাৰ্গেৰে পৰিবহণ আৰম্ভ কৰা উচিত : চিদাম্বৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.