ETV Bharat / state

লাহৰীজানত বন্দুকসহ এজনক আটক

author img

By

Published : Nov 11, 2021, 10:29 PM IST

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাহৰীজান চানডে বজাৰ এলেকাৰ পৰা যুৱকজনক আটক কৰে ৷

A YOUTH ARREST WITH ARM AT LAHORIJAN
লাহৰীজানত বন্দুকসহ এজনক আটক

ডিফু, ১১ নৱেম্বৰ : অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই বন্দুকসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত যুৱকজন হাওৰাঘাট চাৰথে ৰংহাং গাঁৱৰ হেমাৰী ইংতি (৩৭) বুলি চিনাক্ত কৰা হৈছে । যুৱকজনৰ পৰা আৰক্ষীয়ে এটা এছ বি বি এল বন্দুক জব্দ কৰে ৷

A YOUTH ARREST WITH ARM AT LAHORIJAN
লাহৰীজানত বন্দুকসহ এজনক আটক

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে সীমান্তৱৰ্তী লাহৰীজানত কোনো দুৰ্বৃত্তই বন্দুক বিক্ৰীৰ বাবে অনাৰ তথ্য গোপন সূত্ৰে লাভ কৰে । উক্ত তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি কান্ত চমুৱা, খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌলিক ব্ৰহ্ম, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীধৰ ৰাভা, লাহৰীজান তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাহৰীজান চানডে বজাৰ এলেকাত অভিযান চলায় আৰু যুৱকজনক আটক কৰে ৷

A YOUTH ARREST WITH ARM AT LAHORIJAN
লাহৰীজানত বন্দুকসহ এজনক আটক

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডেনগাঁও বজাৰৰ পৰা আৰক্ষীয়ে বুধবাৰেও বন্দুকসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ যুৱকজনে বন্দুকটো বিক্ৰীৰ বাবে অনা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : পত্নী সহ শাহুক কিয় দাৰে কাটিলে জোৱায়েকে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.