ETV Bharat / state

বকলীয়াঘাটত যমুনা নৈত যুৱকৰ সলিল সমাধি

বন্ধুৰ সৈতে যমুনা নৈত গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি । শুকুৰবাৰে কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ যমুনা নৈত সলিল সমাধি ঘটে গুডু দাস নামৰ এজন যুৱকৰ ।

author img

By

Published : Apr 30, 2021, 9:17 PM IST

A boy drowned in Jamuna river
বকলীয়াঘাটত যমুনা নৈত যুৱকৰ সলিল সমাধি

ডিফু, ৩০ এপ্ৰিল: কাৰ্বি আংলঙৰ বকলীয়াঘাটত শুকুৰবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় । বকলীয়াঘাটৰ যমুনা নৈত সলিল সমাধি ঘটে এজন যুৱকৰ । নিহত যুৱকজনৰ নাম গুডু দাস আৰু তেওঁৰ ঘৰ হোজাই জিলাৰ লংকা ফৰেষ্ট গেটত ।

জানিব পৰা মতে, বকলীয়াঘাটৰ মজহাৰ বস্তিত থকা এজন বন্ধুৰ ভনীয়েকৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল গুডু । পিছত আন দুজন বন্ধুৰ সৈতে যমুনা নৈত গা ধুবলৈ যোৱাৰ সময়তে এই অঘটন সংঘটিত হয় ।

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পিছত বকলীয়াঘাট থানাৰ আৰক্ষীৰ এটা দলে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক:কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.