ETV Bharat / state

কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ 62 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে 62 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ অনুষ্ঠানত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ বাবে চিকিৎসা আঁচনি গ্ৰহণ কৰিব বুলি কৰ্মচাৰী পৰিষদক প্ৰতিশ্ৰুতি দিয়াৰ কথা উল্লেখ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতাই ৷

author img

By

Published : Oct 10, 2020, 10:12 PM IST

62nd establish day of KAPTA in Karbi Anglong
কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ 62 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিফু, 10 অক্টোবৰ: শনিবাৰে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে 62 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতাই দীৰ্ঘদিন ধৰি কৰ্মচাৰী পৰিষদৰ দায়িত্বত থাকোতে হোৱা কিছু অভিজ্ঞতা ব্যক্ত কৰি কয় যে,‘‘আমাৰ প্ৰাপ্য আমি চৰকাৰৰ পৰা আজুৰি আনিব লাগিব ৷ চৰকাৰে নিজে একো নিদিয়ে’’ ৷

ইয়াৰোপৰি পাহাৰৰ চৰকাৰী কৰ্মচাৰীসকলক শীঘ্ৰেই পাহাৰীয়া ভাট্টা দিয়াৰ বাবে চৰকাৰৰ লগত হৈ থকা আলোচনাৰ বিষয়েও তেওঁ অৱগত কৰে ৷ পাহাৰৰ প্ৰাথমিক বিদ্যালয়সমূহত শীঘ্ৰেই স্থায়ী প্ৰধান শিক্ষকক নিযুক্তি দিয়াৰ বাবেও সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকৰৰ সৈতে আলোচনা কৰিছে ৷

বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ বাবে চিকিৎসা আঁচনি গ্ৰহণ কৰা হ’ব বুলি কৰ্মচাৰী পৰিষদক প্ৰতিশ্ৰুতি দিয়াৰ কথা নেতা গৰাকীয়ে সংবাদ মাধ্যমযোগে এই কথা সদৰি কৰে ৷

কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী লাংটুইপী ৰংপিপীৰ সভাপতিত্বত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত,সম্পদক প্ৰধান মৃণাল দাস, সদৌ অসম প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ৰুবুল কলিতা, উপ-সভাপতি টুটু ৱৰঠাকুৰ, সম্পাদক নিৰ্মল গোৱালা, পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হাৰছিং তেৰাং, শিক্ষা বিষয়া ৰৃপছিং তেৰাং,ৰবীনচন কাথাৰ,লেখক-সাংবাদিক সঞ্জু বৰা, জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰুহুল আমিন, হিৰণ্য বৰা আৰু জিলা সাহিত্য সভাৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা ৷

সভাত বক্তাসকলে শিক্ষাগুৰু সকলৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ লগতে ক’ভিড-19 সৃষ্ট পৰিৱেশত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক অনলাইনত পাঠদান কৰাৰ সমস্যাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে ৷

লগতে পঢ়ক: নগাঁৱৰ কচুৱাত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.