ETV Bharat / state

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা: অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনি চোৰাং চিকাৰী আটক

author img

By

Published : May 10, 2021, 7:18 PM IST

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনি গঁড় চিকাৰী আটক ৷ এ কে ৪৭ ৰাইফল, দুটা মেগজিনসহ এ কে ছিৰিজৰ ত্ৰিশ জাঁই সজীৱ গুলী উদ্ধাৰ ৷

কাৰ্বি আংলং জিলাত তিনি গঁড় চিকাৰীক গ্ৰেপ্তাৰ

ডিফু,১০ মে': কাজিৰঙাৰ এশিঙীয়া গঁড় নিধন কৰি খড়্গ সৰবৰাহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে এটা চোৰাং চিকাৰী চক্ৰ ৷ দেওবাৰে কাৰ্বি আংলং আৰক্ষীয়ে গঁড় চিকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই তিনিজনকৈ চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ ভালেসংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজান এলেকাত অস্ত্ৰ-শস্ত্ৰসহ এটা চোৰাং চিকাৰীৰ দল ঘূৰি ফুৰাৰ তথ্য লাভ কৰে ।

অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনি চোৰাং চিকাৰী আটক

এই তথ্য লাভৰ পিছতে দেওবাৰে পুৱাৰ ভাগত কাৰ্বি আংলঙৰ এক আৰক্ষী বাহিনীয়ে উক্ত চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । বাকেজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা তথা কাৰ্বি আংলং আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মা আৰু বকলীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ দুটা গোটে এলেকাটোত সুকীয়া সুকীয়াকৈ অভিযান চলায় । উক্ত অভিযানত আৰক্ষীৰ দলটোৱে বিয়লিৰ ভাগত থেকেৰাজান এলেকাৰ পৰা তিনিটাকৈ দুর্ধর্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত গঁড় চিকাৰী কেইজন ক্ৰমে চামেলাংছ’ থানাৰ অন্তৰ্গত বৰপুংছিং টেৰণ গাঁৱৰ ৱেলচন টেৰণ (৩৪), চকীহালো থানাৰ অন্তৰ্গত বৰলাংছ’ গাঁৱৰ দেৰেছাং ৰেংমা (৩৬) আৰু আল’ ৰেংমা (২৯) বুলি চিনাক্ত কৰা হৈছে । ধৃত চোৰাং চিকাৰী কেইটাৰ জিম্মাৰ পৰা অভিযানকাৰী দলটোৱে দুটা এ কে ৪৭ ৰাইফল, দুটা মেগজিনসহ এ কে ছিৰিজৰ ত্ৰিশ জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে দুটা টর্চ লাইট, বেগকে আদি কৰি অন্য কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজানৰ মাজেৰে চোৰাং চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহ-যাহ কৰাৰ বাবে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল । এই সন্দৰ্ভত বকলীয়াঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ২৫(১-এ) অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনত ২১/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ৷

লগতে পঢ়ক : শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.