ETV Bharat / state

ডিফুত অসম ন্যায় সেৱা প্ৰাধিকৰণৰ দ্বিতীয় ক্লাষ্টাৰ সভা - অসম ন্যায় সেৱা প্ৰাধিকৰণৰ দ্বিতীয় ক্লাষ্টাৰ সভা

ডিফুৰ গ্ৰ'থ চেণ্টাৰৰ সভা কক্ষত অনুষ্ঠিত হয় অসম ন্যায় সেৱা প্ৰাধিকৰণৰ দ্বিতীয় ক্লাষ্টাৰ সভা ৷ সভাৰ উদ্বোধন কৰে জিলা সত্ৰ ন্যায়াধীশ আব্দুল হেকিমে ৷

গ্ৰ'থ চেণ্টাৰৰ সভা কক্ষত অনুষ্ঠিত হয় সভা
ডিফুত অসম ন্যায় সেৱা প্ৰাধিকৰণৰ দ্বিতীয় ক্লাষ্টাৰ সভা
author img

By

Published : Mar 14, 2020, 7:15 PM IST

Updated : Mar 14, 2020, 7:35 PM IST

ডিফু, 14 মাৰ্চ : অসম ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ ব্যৱস্থাপনাত শনিবাৰে ডিফুত অনুষ্ঠিত কৰা হয় দ্বিতীয় ক্লাষ্টাৰ মাণ্ডলিক সভা ৷ কৃষি বিভাগৰ ফাৰ্মাৰছ গ্ৰ'থ চেণ্টাৰৰ সভা কক্ষত অনুষ্ঠিত কৰা এই সভাৰ উদ্বোধন কৰে ডি এল এছ এৰ অধ্যক্ষ তথা জিলা সত্ৰ ন্যায়াধীশ আব্দুল হেকিমে ৷ উল্লেখ্য যে, প্ৰথমখন সভা অনুষ্ঠিত হৈছিল ধেমাজিত ৷

অসম ন্যায় সেৱা প্ৰাধিকৰণৰ দ্বিতীয় ক্লাষ্টাৰ সভা

শনিবাৰে অনুষ্ঠিত সভাত অসম ন্যায় সেৱা প্ৰাধিকৰণৰ 8 খন জিলা ক্ৰমে যোৰহাট, মাজুলী, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, নগাওঁ, হোজাই আৰু গোলাঘাট ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব আৰু অৰ্দ্ধ আইনী স্বেচ্ছাসেৱী সদস্যসকল উপস্থিত থাকে ৷ এই ব্যক্তিসকলে তেওঁলোকৰ অঞ্চলৰ সমস্যা আৰু ন্যায় সেৱা প্ৰাধিকৰণৰ বাবে তেওঁলোকে কৰা কাৰ্যকলাপৰ ওপৰত বাখ্যা প্ৰদান কৰাৰ লগতে সমস্যা সমাধানৰ ওপৰত আলোচনা কৰে বুলি জানিবলৈ দিয়ে কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নেগিব আহমেদে ৷

ডিফু

অসম ন্যায়সেৱা প্ৰাধিকৰণৰ সদস্য সচিব নয়ন শঙ্কৰ বৰুৱাই অৰ্দ্ধ আইনী স্বেচ্ছাসেৱী সকলক ন্যায়সেৱা প্ৰাধিকৰণৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় ৷ এই সভাত 8 খন জিলাৰ 8 জন সচিব আৰু 24 জন অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক উপস্থিত থাকে ৷ ইয়াৰোপৰি, সভাখনত অসম ন্যায়সেৱা প্ৰাধিকৰণৰ সদস্য সচিব নয়ন শঙ্কৰ বৰুৱা, উপ-সচিব তৃপ্তি আৰি আৰু জিলা ন্যায়সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা ডিফু সত্ৰ ন্যায়াধীশ আব্দুল হেকিমে বক্তব্য প্ৰদান কৰে ৷ আনহাতে, ৰাজ্যিক ন্যায়সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী সভাপতি কটেশ্বৰ সিঙে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰে ৷

আৰু পঢ়ক : ওদালগুৰিত যুৱ বিপিএফৰ উদ্যোগত বিশাল গণ সমাবেশ

Last Updated : Mar 14, 2020, 7:35 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.