ETV Bharat / state

কাৰ্বি সাহিত্য সভাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন - সাহিত্য একাডেমীৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অৰেল লিটাৰেছাৰ

কাৰ্বি লাম্মেত আমেইৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ 20 জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন ৷

28th annual conclave of karbi sahitya sabha
কাৰ্বি সাহিত্য সভাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন
author img

By

Published : Jan 23, 2020, 3:03 PM IST

ডিফু,২২ জানুৱাৰী : কাৰ্বি আংলংত অনুষ্ঠিত হয় কাৰ্বি লাম্মেত আমেইৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ যোৱা ২০ জানুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ লংনিট বজাৰৰ কুৰ্ণা তাৰ' খেল পথাৰত অনুষ্ঠিত হয় এই অধিৱেশন ৷ জিলাখনৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু নৈসৰ্গিক পৰিবেশৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে কাৰ্বি আংলঙবাসীৰ সৰলতাৰ ভূয়সী প্ৰশংসা কৰে সাহিত্য একাডেমীৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অৰেল লিটাৰেছাৰৰ সঞ্চালক চন্দ্ৰকান্ত মুৰাছিঙে ৷ অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চন্দ্ৰকান্ত মুৰাছিঙ ৷

কাৰ্বি সাহিত্য সভাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন

সৰ্বভাৰতীয় পৰ্যায়ত উত্তৰ-পূৱবাসীৰ ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়তো আলোকপাত কৰে মুৰাছিঙে ৷ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ ইতিমধ্যে গৰকা কাৰ্বি লাম্মেত আমেইৰ নিজস্ব এটুকুৰা ভূমি নথকাৰ বিষয়ে আক্ষেপ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশী ৰংবং তেৰাঙে ৷ ৰংবং তেৰাঙৰ এই প্ৰতিক্ৰিয়াৰ বিষয়ে কয় কাৰ্বি লাম্মেত আমেইৰ সাধাৰণ সম্পাদক কামছিং হাঞ্ছেই ৷

আৰু পঢ়ক : কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰি মনোনীত সদস্যৰ শপত গ্ৰহণ

Intro:কাৰবি লাম্মেত আমেই ( কাৰবি সাহিত্য) সভাৰ ২৮ সংখ্যক বাৰ্ষিক অধিবেশন ৷
------------------------------------------------------------------------ কাৰবি আংলঙৰ নৈসৰ্গিকতাৰ প্ৰশংসাত পঞ্চমুখ চন্দ্ৰকান্ত মুৰাছিঙৰ ৷

ডিফু, ২২ জানুৱাৰী:- কাৰবি আংলং জিলাৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু নৈসৰ্গিক পৰিবেশৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে কাৰবি আংলঙবাসীৰ সৰলতাৰ ভূয়সী প্ৰশংসা কৰে সাহিত্য একাডেমীৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অৰেল লিটাৰেছাৰৰ সঞ্চালক চন্দ্ৰকান্ত মুৰাছিঙে ৷ যোৱা ২০ জানুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰবি আংলং জিলাৰ লংনিট বজাৰৰ কুৰ্ণা তাৰ' খেল পথাৰত চলি থকা কাৰবি লাম্মেত আমেই (কাৰবি সাহিত্য সভাৰ ) ২৮ সংখ্যক অধিবেশনত মুখ্য অতিথি হিচাপে উৰস্থিত থাকি মুৰাছিঙে সৰ্বভাৰতীয় পৰ্যায়ত উত্তৰ পূববাসীৰ ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে সঞ্চালকগৰাকীয়ে ৷ সৰলতাই উত্তৰ পূববাসীৰ মূল সম্পদ বুলিও মন্তব্য কৰে ৷ 'আৰ্লেং 'মানে মানুহ কাৰবি সকলে নিজকে আৰ্লেং বুলি পৰিচয় দিয়াৰ দৰে ত্ৰিপুৰী সকলে নিজকে 'ক'ক বৰ'ক' বুলি পৰিচয় দিয়ে 'ক'ক বৰ'ক' মানে মানুহ, দুয়োটাৰে সামঞ্জস্য আছে ই গৌৰৱৰ বিষয় যদিও কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ত্ৰিপুৰা ভ্ৰমণৰ উদ্ধৃতি দি কয়যে কবি গুৰুজনাই ভ্ৰমণ কালত ত্ৰিপুৰী সকলৰ 'ক'ক বৰ'ক' ৰ কথা একোৱেই নিলিখাৰ বাবে 'ক'ক বৰ'কে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰে ৷ উত্তৰ- পূববাসীৰ সৰলতাৰ সুযোগ আন এচামে লোৱাৰ বাবে উত্তৰ- পূববাসীৰ ভাষা আৰু পৰিচয় সংকটৰ গৰাহত ৷ ত্ৰিপুৰাত ত্ৰিপুৰী সকলৰ ভাষা বাংলা ভাষাৰ গ্ৰাসত থকাৰ দৰে অসমতো অনুৰূপ পৰিস্থিতি উদ্ভৱ হোৱাৰ উপক্ৰম হৈছে ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি মন্তব্য কৰে মুৰাছিঙে ৷ হুকুৰছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত খিলঞ্জীয়া জনজাতীয় সাহিত্যৰ উপসভাপতি মহন্ত লাংথাছাই ভাষণ প্ৰদান কৰি সভাই ৮ টাকৈ জনজাতি সাহিত্যৰ উত্তৰণৰ বাবে কাম কৰা বুলি কয় ৷অসম চৰকাৰে জনগোষ্ঠীয় সাহিত্য সভালৈ আগবঢ়োৱা আৰ্থিক অনুদানৰ বাবে শলাগ লয় ৷ সভাই ৮ জনজাতিৰ অভিধান প্ৰকাশৰ কাম কৰি থকা বুলি কয় ৷ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ ইতিমধ্যে গৰকা কাৰবি লাম্মেত আমেইৰ নিজস্ব এটুকুৰা ভূমি নথকাৰ বিষয়ে আক্ষেপ কৰে অসম সাহিত্য সভাৰ প্ৰাক্ত সভাপতি ,পদ্মশী ৰংবং তেৰাঙে ৷ সাংবাদিকৰে সাক্ষাতত ৰংবং তেৰাঙৰ এই প্ৰতিক্ৰিয়াৰ বিষয়ে জানিবলৈ দিয়ে কাৰবি লাম্মেত আমেইৰ সাধাৰণ সম্পাদক কামছিং হাঞ্ছেই ৷ ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত গ্ৰন্থ প্ৰণয়ণ আৰু প্ৰকাশনৰ সন্দৰ্ভত এখনি মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

ছাইদুল ইছলাম, ডিফু Body:******-Conclusion:******
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.