ডিফু,৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ক্রমাৎ চমু চাপি আহিবলৈ লােৱাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ সময়তে বৃহস্পতিবাৰে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বিভিন্ন বাজনৈতিক দল ত্যাগ কৰি মুঠ 27 গৰাকী নেতা-কর্মীয়ে আনুষ্ঠানিকভাবে বিজেপিত যােগদান কৰে।
ডিফুস্থিত জিলা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হােৱা একবিশেষ যােগদান সভাত কংগ্রেছ, এ পিএইচ এল চি, এইচ এছ ডি চি দল ত্যাগ কৰি বহু নেতা-কর্মীয়ে বিজেপিত যােগদান কৰে । বৃহস্পতিবাৰে যােগদান কৰাসকলৰ ভিতৰত এ পি এইচ এল চি দলৰ বিত্ত সম্পাদক, এইচ এছ ডি চি দলৰ কেন্দ্রীয় সমিতিৰ সদস্যকে ধৰি কেইবাগৰাকী নেতাই নিজ দল ত্যাগ কৰি সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক দিশত বিকাশ আৰু উন্নয়নৰ বাবে বিজেপিত যােগদান কৰা বুলি মন্তব্য প্রকাশ কৰে ।
সাংসদ হৰেণছিং বে' সভাখনত উপস্থিত থাকি দলত নতুনকৈ যােগদান কৰা সদস্যসকলক আদৰণি জনায়। ইয়াৰ উপৰি সভাত কার্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণৰ লগতে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্য উপস্থিত থাকে ।