ETV Bharat / state

ডিফুত প্ৰথম এমএচি কাপ ফুটবল প্ৰতিযোগিতা ২০২০ অনুষ্ঠিত

author img

By

Published : Dec 4, 2020, 4:07 PM IST

কাৰ্বিআংলং ক্ৰীড়া সন্থা চমুকৈ কাছাৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত ৯০ মিনিটৰ সম্পূৰ্ণ খেলখনত উভয়দলে তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক আৰু উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি দৰ্শক সকলক আমোদ দিবলৈ সক্ষম হয় ৷

ডিফুত প্ৰথম এমএচি কাপ ফুটবল প্ৰতিযোগিতা ২০২০ অনুষ্ঠিত
ডিফুত প্ৰথম এমএচি কাপ ফুটবল প্ৰতিযোগিতা ২০২০ অনুষ্ঠিত

ডিফু,৩ ডিচেম্বৰৰঃ বুধবাৰে ডিফুস্থীত কাছাৰ অত্যাধুনিক খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰথম এমএচি ফুটবল প্ৰতিযোগিতাৰ দিবা-নৈশৰ তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক এখন খেলত টাই ব্ৰেকাৰ পদ্ধতিত ধনশিৰি এফচিয়ে সিংহাসন এফচিক হেৰুৱাই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷ কাৰ্বিআংলং ক্ৰীড়া সন্থা চমুকৈ কাছাৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত ৯০ মিনিটৰ সম্পূৰ্ণ খেলখনত উভয়দলে তীব্ৰ প্ৰতিদ্বন্ধিতামূলক আৰু উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি দৰ্শক সকলক আমোদ দিবলৈ সক্ষম হয় ৷ খেলৰ প্ৰথমাৰ্দ্ধত ধনশিৰি এফচিৰ হৈ প্ৰথমটো স্কৰ কৰে ৰিংধৰ জিগদুঙে ৷ সিংহাসনৰ এফচিৰ খেলুৱৈ সকলেও প্ৰত্যুত্তৰ দি হেনমিনচেং ডাউঞ্জলৰ সহায়ত দলক সমতা স্থাপন কৰে ৷ প্রথমার্ধত 1-1 গলত ড্ৰ’ থাকে ৷

দ্বিতীয়াৰ্দ্ধত সিংহাসন এফচিয়ে প্ৰভূত্ব বিস্তাৰ কৰে কাৰণ দলৰ হৈ হেনমেনচিং ডাউঞ্জলোৱে অধিক দুই গ'ল দি দলক 3-1ৰ অগ্ৰগতি প্ৰদান কৰে লগতে তেওঁ হেট্ৰিক কৰিবলৈ সক্ষম হয় ৷ ধনশিৰি এফচিৰ খেলুৱৈ সকলেও ঐক্যবদ্ধ প্ৰচেষ্টাৰে আপ্ৰাণ যুঁজ দি দলক আৰু দুটা গল উপহাৰ দি সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ দলৰ হৈ দ্বিতীয়াৰ্ধত ৰিংধৰ জিগদুঙ আৰু দাউলাগুপুৱে এটাকৈ গ'ল দিয়ে ৷ মৰণপণ যুঁজ দিয়াৰ পিছতো খেল, 3-3 গলৰ ড্ৰ’ত শেষ হয় ৷

বিজয়ৰ বাবে দুয়ো দলৰ মাজত টাই ব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰা হয় ৷ ধনশিৰি এফচিৰহৈ পিপঞ্জিত দাউলাগুপু, নিক'টিন জ'হৰি ৰ'নান্দ পোৰবুচুৱে গ'ল প্ৰদান কৰি লক্ষ্যত উপনীত হয় ৷ ৰিপছিং পোৰবুচুই ব্যৰ্থ হয় ৷ সিংহাসন এফচিৰ হৈ চাৰিটা শ্বটত মাত্ৰ হেনমিনচেঙে নেটত গ'ল সোমোৱাবলৈ সক্ষম হয় যদিও লামগৌহাও কিপজেন, পাওমিনালাল আৰু কামগিনৰ গ'ল শ্বট ব্যৰ্থ হয় ফলত ধনশিৰি এফচি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ হেনমিনচেঙক উক্ত খেলৰ শ্ৰেষ্ট পুৰষ্কাৰ প্ৰদান কৰা হয় ৷

আনহাতে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম ষ্টেডিয়ামত হোৱা খেলত চিনথং এফচিৰ হাতত আমৰি এফচিয়ে 1-0ৰ ব্যৱধানত পৰাজয় বৰণ কৰে ৷

লগতে পঢ়কঃ কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.