ETV Bharat / state

Natural Disasters in Sikkim: ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত নিৰুদ্দিষ্ট লোক পাইলট হীৰেন দেউৰী

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:11 PM IST

গেংটকত ৮ জন যুৱকৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক । ৩ অক্টোবৰৰ নিশা প্রায় ১২ বজাৰ পৰা পৰিয়ালৰ সৈতে নাই যোগাযোগ ।

Missing news of Assam
ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগ
ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগ

গুৱাহাটী, ৮ অক্টোবৰ: ছিকিমৰ গেংটকত ৮ জন যুৱকৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন হৈ আছে ৰে'লৱে বিভাগত সহকাৰী লোক পাইলট হিচাপে কৰ্মৰত অসমৰ যুৱক হীৰেন দেউৰী । ছিকিমত যোৱা ৩ অক্টোবৰত সংঘটিত ডাৱৰ বিস্ফোৰণ হোৱাৰ পিচৰে পৰা সন্ধানহীন হৈছে অসমৰ ২৯ বছৰীয়া যুৱকজন । নুনমাটিৰ শংকৰনগৰ নিবাসী যুৱকজনে যোৱা ৩০ ছেপ্টেম্বৰত জলপাইগুৰিৰ পৰা ৰে'ল বিভাগৰ ৯ জনীয়া এটা দলৰ সৈতে প্ৰশিক্ষণৰ বাবে গেংটকলৈ গৈছিল । গেংটকৰ হোটেল ইউকিম ৰেচিডেঞ্চি নামৰ এখন হোটেলত দুদিন ধৰি আন আঠজন বন্ধুৰ সৈতে আছিল হীৰেন দেউৰী । হীৰেন দেউৰীৰ পিতৃ-মাতৃয়ে এতিয়া পুত্ৰৰ বাবে উদ্বিগ্ন হৈ পৰিছে ।

আজি হীৰেন দেউৰীৰ পিতৃ-মাতৃয়ে কয় যে উক্ত হোটেলৰ পৰা আন সাতজন বন্ধু উভতি অহাৰ পিছত গেংটকৰ পৰা ১১৬ কিলোমিটাৰ উচ্চতাত অৱস্থিত লাচুং নামৰ আন এখন ঠাইলৈ বিহাৰৰ এছ আলম নামৰ বন্ধুজনৰ সৈতে ফুৰিব গৈছিল হীৰেন দেউৰী । তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে হীৰেন দেউৰী আৰু বিহাৰৰ এছ আলম নামৰ আন যুৱকজন ।

হীৰেন দেউৰীয়ে পৰিয়াল সৈতে যোৱা ৩ অক্টোবৰৰ নিশা প্রায় ১২ বজাত শেষবাৰৰ বাবে ফোনত কথা পাতিছিল বুলি কয় পিতৃ-মাতৃয়ে । তাৰ পিছতেই হঠাৎ ফোনৰ সংযোগ বিচ্ছিন্ন হৈ যায় । তেতিয়াৰ পৰা পুত্ৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ বৰ্তমানলৈ হোৱা নাই বুলি পিতৃ-মাতৃয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে । সেয়েহে হীৰেনৰ পিতৃ -মাতৃয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুত্ৰৰ লগতে অসমৰ পৰা গৈ আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰি আনিবলৈ আহ্বান জনাইছে ।

শেহতীয়াকৈ জানিব পৰা মতে উত্তৰ চিকিমৰ লাচুঙৰ ভিক্টোৰিয়া হোটেলত নিৰুদ্দেশ হোৱা অসমৰ হীৰেন দেউৰী আৰু বিহাৰৰ চাবাচ আলম নামৰ যুৱক দুজন থকা বুলি চিকিম সংবাদ মাধ্যমৰ তথ্যৰ পৰা খবৰ এটা ওলাইছে যদিও পৰিয়ালৰ লগত এই মূহুৰ্তলৈকে যোগাযোগ হোৱা নাই ।

লগতে পঢ়ক:Flash Flood in Sikkim : ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ নলবাৰীৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.