ETV Bharat / state

কল বাগান স্থাপনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টাত ব্ৰতী এদল যুৱক

চৰকাৰী চাকৰিৰ আশা বাদ দি দক্ষিণ কামৰূপৰ কুলশী নলবাৰীৰ এদল যুৱকে আৰম্ভ কৰিছে এখন কলৰ বাগান ৷ দলটোৱে বাগানখন স্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ প্ৰচেষ্টা অব্য়াহত ৰখাৰ মাজতে পোহপাল দিবলৈ সমৰ্থ হৈছে প্ৰায় 150 টা পৰিয়ালক ৷

author img

By

Published : Jul 3, 2020, 2:22 PM IST

Young people trying to become self reliant by setting up banana gardens kamrup assam etv bharat news
কল বাগান স্থাপন

আজাৰা,3 জুলাই: সেউজ বিপ্লৱৰ জৰিয়তে কৃষি কৰ্মৰ বাবে আগ্ৰহী হৈছে এচাম শিক্ষিত যুৱক ৷ কৃষিক জীৱনৰ ভেটি হিচাপে গ্ৰহণ কৰি জীৱন সংগ্ৰামৰ যোদ্ধা হিচাপে নিজকে চিনাকী দিব খোজা এই যুৱকৰ দলটোৱে চৰকাৰী চাকৰিৰ জৰিয়তে সংস্থাপনৰ আশাত বন্দী নহৈ আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ দক্ষিণ কামৰূপৰ কুলশী নলবাৰীৰ এই যুৱকৰ দলটোৱে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে আৰম্ভ কৰিছে এখন কলৰ বাগান ৷ কুলশী নৈৰ পাৰৰ প্ৰায় 300 বিঘা মাটিত যুৱকসকলে ৰোপণ কৰিছে কেইবাটাও উন্নত জাতৰ কলৰ পুলি ৷

কল বাগান স্থাপন এদল যুৱকৰ

এই কাৰ্যত জড়িত প্ৰায় 60 গৰাকী যুৱকে বৰ্তমান পোহপাল দি আছে 150 টা পৰিয়ালক ৷ যুৱকৰ দলটোৱে বাগানখন স্থাপনৰ জৰিয়তে যদিও আত্মনিৰ্ভৰ হোৱাৰ চেষ্টাত ব্ৰতী হৈ আছে,তৎসত্বেও উপযুক্ত বজাৰ দখল কৰিবলৈ আজিকোপতি সক্ষম হোৱা নাই ৷ ফলত আয়ৰ অনুপাতে লাভালাভৰ সন্মুখীন হোৱা নাই যুৱকসকলে ৷ তদুপৰি কৃষি বিভাগৰ অন্তৰ্গত আঁচনিসমূহেও চুব পৰা নাই বাগানখনক ৷ চৰকাৰৰ দ্বাৰা ঘোষিত কৃষি আঁচনিয়ে বাগানখনক ঢুকি পালে নিশ্চয়কৈ উপকৃত হ’ব যুৱকৰ দলটো ৷

লগতে চাওকঃ ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.