ৰঙিয়া, ৪ ডিচেম্বৰ: দেওবাৰে ৰাজ্য়ৰ বিভিন্ন ঠাইত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় । ৰঙিয়াতো কালি সিদ্ধি নাথ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় । বিশ্ব দিব্যাংগ দিৱসৰ শুভাৰম্ভণি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কৰা হয় । পতাকা উত্তোলন কৰে দিব্যাংগ শিশুৰ পিতৃ ৰামেশ্বৰ বড়োৱে । পতাকা উত্তোলনৰ পিছত দিব্যাংগ শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল -ধেমালি আৰু সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । খেল-ধেমালিৰ পিছতেই বিদ্যালয়তেই এখন মুকলি সভাৰ আয়োজন কৰা হয় ।
ৰঙিয়া শিক্ষা খণ্ডৰ সহ-পৰিদৰ্শক মইনুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সমন্বিত শিক্ষা বিভাগৰ সমল ব্যাক্তি দীপক বুজৰবৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । এই সভাখনত ২০নং বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ বসুমতাৰী নিৰ্দিষ্ট বক্তা আৰু শিক্ষক তথা সাংস্কৃতিক কৰ্মী পঙ্কজ পল্লৱ শৰ্মা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে । মুকলি সভাত প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কৃত কৰা হয় । সভাখনত সভাপতি মইনুল হক চৌধুৰীয়ে দিব্যাংগ দিৱসৰ উদ্দেশ্যৰ বিষয়ে বিষয়ে ব্যাখ্যা কৰে ।
লগতে পঢ়ক:কোন হ'ব তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী, কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে
বিশিষ্ট অতিথি পঙ্কজ পল্লৱ শৰ্মাই ভাষণ প্ৰসংগত কয় যে দিব্যাংগ সকলক জীয়াই থাকিবলৈ সমাজৰ সকলোৱেই উৎসাহিত কৰিবই লাগিব । তেওঁলোক সমাজ এখনৰ অবিচ্ছেদ্য অংগ । আন লোকৰ দৰে তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ আছে । তেওঁ কেইবাগৰাকীও দিব্যাংগ ব্যক্তিৰ বিষয়ে উল্লেখ কৰি কয় যে সকলোৱে দিব্যাংগ সকলক সমাজৰ বেলেগ এটা শ্ৰেণী বুলি ভবাৰ সলনি আমাৰ মাজৰেই এজন বুলি ভাবি আগুৱাই যাব লাগিব ।
লগতে পঢ়ক:মহাভাৰতৰ যুদ্ধত কৌৰৱৰ দৰে বিজেপিয়েও লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিব: ভূপেন বৰা